“মই জানাজাত অংশ‌‌‌ লোৱা নাছিলো, জানাজাৰ বহু পূৰ্বেই শ্ৰদ্ধাঞ্জলি জনাই গুচি আহিছিলো”: প্ৰদ্যুৎ বৰদলৈ

l Pradyut Bordoloi

উত্তৰ পূব ভাৰতৰ আমীৰে শ্বৰীয়ত মুফটি খাইৰুল ইছলামৰ জানাজাত যোৱা দুই জুলাইত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা স্বাস্থ্য বিধিক একপ্ৰকাৰৰ নসাৎ কৰি জনসমুদ্ৰৰ সৃষ্টি হৈছিল। স্বাস্থ্য বিধি উলংঘা কৰি সেই জানাজাত লক্ষাধিক লোকৰ লগতে  নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু মুফটিৰ পুত্ৰ তথা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামো উপস্থিত থকা ঘটনাই  ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ইয়াৰ পাছতেই যোৱা সাত জুলাইত  ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত শৰ্মাই কৰ’না ভাইৰাছৰ সন্দৰ্ভত আৰোপিত স্বাস্থ্য বিধি উলংঘা কৰি সিদিনাৰ জানাজাত উপস্থিত থকাৰ অভিযোগ উত্থাপিত কৰি  নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৬৩/২০২০নম্বৰত এক গোচৰ ৰুজু কৰিছিল।

সেই গোচৰৰ সংক্ৰান্ততে সাংসদ বৰদলৈয়ে আজি  জুৰীয়া আৰক্ষী থানাত উপস্থিত হৈ গোচৰটোৰ সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃগেন শইকীয়াৰ আগত নিজৰ ভাষ্য প্ৰকাশ কৰে।পাছত অৱশ্যে তেওঁক যাবলৈ দিয়া হয়। আৰক্ষীৰ আগত নিজৰ জৱানবন্দী দিয়াৰ পাছত সাংসদ বৰদলৈয়ে সাংবাদিকৰ আগত কয়,”মুফটি খাইৰুল ইছলামক মই আগৰ পৰাই জানিছিলো। তেওঁ এগৰাকী বিদগ্ধ ইছলামিক পণ্ডিত আছিল। তেওঁক মই শ্ৰদ্ধা কৰিছিলো।তাতে তেওঁৰ এজন পুত্ৰ আমিনুল ইছলাম মোৰ একালৰ সতীৰ্থ বিধায়ক আছিল। সেয়েহে মুফটিৰ বিয়োগৰ খবৰ পাই তেওঁৰ জানাজাৰ বহু পূৰ্বেই মই তেখেতৰ ঘৰলৈ আহিছিলো।মই জানাজালৈ অহাও নাছিলো আৰু জানাজাত অংশও লোৱা নাছিলো।জানাজাৰ পূৰ্বেই তেখেতক শ্ৰদ্ধাঞ্জলি জনাই গুচি আহিছিলো। মই তালৈ মাস্ক পিন্ধি গৈছিলো আৰু সম্পূৰ্ণ সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলিছিলো।”

মুফটিৰ জানাজাত হোৱা বিশাল জনসমাগম ৰোধ কৰিব নোৱাৰাটো প্ৰশাসনৰ দুৰ্বলতা বুলিও সাংসদ বৰদলৈয়ে কয়। স্মৰ্তব্য যে, চক্ৰ বিষয়াজনে একেটা দিনতেই একেটা অভিযোগতেই প্ৰয়াত মুফটি খাইৰুল ইছলামৰ পুত্ৰ তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৬৪/২০২০নম্বৰত আন এটি গোচৰ ৰুজু কৰিছিল।

Exit mobile version