মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ বিশেষ পদক্ষেপ

potato and onion

কৰ’না ভাইৰাছৰ বাবে দিয়া তলাবন্ধৰ সুযোগত ৰাজ্যত বৃদ্ধি পাইছে মূল্যবৃদ্ধি ৷ সেয়েহে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু কামৰূপ মহানগৰ জিলাৰ উদ্যোগত লৈছে এক বিশেষ পদক্ষেপ ৷বিভাগটোৱে ১২৯ খন আমাৰ দোকান আৰু ১৬২ খন সুলভ মূল্য দোকানৰ জৰিয়তে দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ অৰ্থে ১৩ -১৭ তাৰিখলৈ প্ৰতি কিলোত ২৫ টকা মূল্যত আলু পিয়াঁজ যোগান ধৰিব ৷ উল্লেখযোগ্য যে সৰ্বসাধাৰণ ৰাইজে খুচুৰা বিক্ৰেতা বা গেলামালৰ দোকানৰ পৰা সৰ্বাধিক ৩০ টকা দৰত আলু পিয়াঁজ সংগ্ৰহ কৰিব পাৰিব ।

Exit mobile version