অখিল গগৈক মানৱীয় দৃষ্টিভংগীৰে মুক্তিৰ দিয়াৰ দাবী ৰিপুন বৰাৰ

Ripun Bora 571 855

ৰাজ্যত এতিয়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ বিভীষিকা ৷তাৰ মাজতে বিটিছি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷আজি ওদালগুৰি জিলাৰ ওৰাঙত ধনশ্ৰীঘাটত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাই কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷তেওঁ কয় যে কৰ’নাৰ নীতি নিয়মসমূহ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিৰ ৷

কংগ্ৰেছক আৱদ্ধ কৰি ৰাখিবৰ বাবে কৰ’নাৰ নীতি নিয়মক অপব্যৱহাৰ কৰিছে বিজেপিয়ে। বিজেপিৰ বাবে কৰ’না নাই ,আছে কেৱল কংগ্ৰেছৰ বাবেহে৷কৰ’নাৰ সংক্ৰমণৰ সময়ত ৰাজনৈতিক সভা অনুষ্ঠিত হোৱাক লৈ তেওঁ কয় যে কৰ’নাৰ সমান্তৰালভাৱে ৰাজনীতিও চলি থাকিব ৷

কৰ’নাৰ নীতি নিয়মসমূহ সঠিকভাৱে ৰূপায়ন নকৰি মানুহৰ জীৱনটোক লৈ হেতালি খেলিছে বিজেপিয়ে। শেহতীয়াকৈ কৃষক নেতা অখিল গগৈ কৰ’নাত আক্ৰান্ত হোৱাক লৈ মন্তব্য কৰে ৰিপুণ বৰাই ৷অখিল গগৈক মানৱীয় দৃষ্টিভংগীৰে মুক্তিৰ দাবী কৰে ৰিপুণ বৰা ৷

অখিল গগৈৰ চিকিৎসাৰ অৱহেলা নকৰিবলৈ দাবী জনায় ৰিপুন বৰাই৷ লগতে প্ৰয়োজনত অসমৰ বাহিৰলৈ নি অখিল গগৈক চিকিৎসা কৰিব লাগে বুলি মন্তব্য কৰে ৰিপুন বৰাই। বিটিচিত কংগ্ৰেছ দলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি বৰাই মিছন ৮০ ৰ বাবে কংগ্ৰেছে নতুন পুৰণি প্ৰাৰ্থীৰ সংমিশ্ৰণ ঘটাই নতুন প্ৰাৰ্থী বিশেষকৈ যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰে।

Exit mobile version