অধিক অৱনতি বাক্সা-বৰপেটাৰ বান পৰিস্থিতিৰ

9cfb0064 166a 4747 b768 cb5d20abecc2

বাক্সা-বৰপেটাৰ বান পৰিস্থিতি আজিও শোচনীয় হৈ আছে ৷ জিলা দুখনৰ ৰূপহী, পল্লা আৰু পহুমাৰা নদীৰ বাঢ়নী পানীয়ে শতাধিক গাওঁ প্লাৱিত কৰিছে। এই বান ইমানে ভয়াবহ হৈ পৰিছে যে বন্যপ্ৰাণী পৰ্যন্ত উটি যাব ধৰিছে। আজি পুৱা বাক্সাৰ শালবাৰীৰ ৰূপহী নৈৰ পানীৰ সোঁতত উটি অহা এটা হৰিণা পানপাৰাত উদ্ধাৰ হয়। মৃত হৰিণাটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানে উটুৱাই আনিছে বুলি স্থানীয় ৰাইজে জনাইছে।

পানপাৰাৰ স্থানীয় ৰাইজে ৰূপহী নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰা মৃত হৰিণাটো পিচত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ক চমজাই দিয়ে ৷ উল্লেখযোগ্য যে যোৱা চাৰি দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পল্লা নৈৰ বাঢ়নী পানীয়ে যোৱা নিশাৰে পৰা শুকমানাহ, মাজগাঁও আৰু গলিয়া গাঁও পঞ্চায়ত এলেকাৰ ন ন ঠাই বুৰাই পেলোৱাত বৃহত্তৰ অঞ্চলটোৰ কেবাটাও চুবাৰ অন্য ঠাইৰ লগত যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে।

উক্ত অঞ্চলৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ পানীত বুৰ যোৱাত আশ্ৰয়ৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বানত কালঝাৰ-গুৱাগাছা গুৰুত্বপূৰ্ণ পথটো শুকমানাহ এলেকাত সম্পূৰ্ণৰূপে বুৰ গৈছে। উক্ত পথটিৰ গোহাঞি কমল আলিত কেইবা মিটাৰ অংশ পল্লা নৈৰ বাঢ়নী পানীয়ে বুৰাই শুকমানাহ, নমাটি, আনন্দপুৰকে ধৰি বিস্তীৰ্ণ এলেকা প্লাৱিত কৰিছে।

এই অঞ্চলটোৰ ভৱানীপুৰ সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিকে ধৰি প্ৰায় বোৰ বাট পথৰ লগতে শুকমানাহ বজাৰ খনো পানীত বুৰ গৈ আছে।ইপিনে, পল্লা নৈৰ বাঢ়নী পানীয়ে মাজগাঁও আৰু ভালাগুৰি অঞ্চলৰো কে’বাখনো গাঁও জলমগ্ন কৰিছে। অঞ্চলটোৰ ভালেকেইটা বাট পথ বুৰ গৈছে ৷

মাজগাঁও-ৰৌমাৰী পথটোৰ মাজগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত পল্লা নৈৰ বাঢ়নী পানীয়ে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। মাজগাঁও, শুকমানাহ অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত আশ্ৰয়ৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভালেকেইটা দৰিদ্ৰ পৰিয়ালে যোৱা নিশাৰ পৰা অনাহাৰে থাকিব লগা হৈছে। অঞ্চলটোৰ বানাক্ৰান্ত সকলৰ অৱস্থাৰ বুজ ল’বলৈ চৰকাৰী পক্ষৰ কোনো লোক নোযোৱাৰ অভিযোগ উঠিছে।

ইপিনে কে’বাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত যোৱা নিশাৰ পৰা আকৌ পহুমাৰা নৈৰ জলপৃষ্ঠ উফন্দি উঠিছে । পহুমাৰা নৈয়ে সম্প্ৰতি ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে। নৈখনৰ বাঢ়নী পানীয়ে হাতীপতা আৰু টেঙৰিয়াপৰাৰ মথাউৰিৰ ভগ্নাংশৰে তীব্ৰ গতিত পানী সোমাই নকুছি পথাৰ, দাতিৰবড়ী, কৰাগাড়ী গাঁও, কৰাগাড়ী পথাৰ, বুঢ়ীগাঁও আদি অঞ্চল প্লাৱিত কৰে । এই অঞ্চলটোৰো বাট-পথৰ লগতে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত বুৰ যায় ৷

পহুমাৰাৰ বাঢ়নী পানীয়ে চাপাৰবড়ী-ভৱানীপুৰ সংযোগী গুৰুত্বপূৰ্ণ পথটিৰ মাধৱপুৰ আৰু তাৰিমুৰৰ কেইবাটাও অংশ ইতিমধ্যে বুৰাই পেলাইছে। এই বানত মাধৱপুৰ পাৰঘাট বজাৰৰ দোকান পোহাৰ পানীত বুৰ যায়। তদুপৰি চাপাৰবড়ী ভৱানীপুৰ সংযোগী পথৰ পহুমাৰা নৈৰ ওপৰৰ কাঠৰ দলং খনৰ জজত পানীৰ সোঁতে খুন্দিয়াই দলং খনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।

পহুমাৰা নদীৰ বাঢ়নী পানীয়ে কেন্দুগুৰি চাউলীয়াবড়ী পথৰ গহীন পাৰাত ছিগি যোৱাৰ পিচত মেধিকুছি দলোপথাৰ অঞ্চলৰ বান পৰিস্থিতি শোচনীয় হৈয়ে আছে৷ ধুমাৰকুৰ পালপাৰা, কটলা পথাৰ, ৰাজাখাট, কহৰা, বাংলীপাৰা আদি গাঁওসমূহ আজি তৃতীয় দিনাৰ বাবে পানীত বুৰ গৈ আছে। ইপিনে ৰূপহী নৈৰ পানী আজি পুৱাৰ ভাগত কিছু কমিছিল যদিও দিনটো পৰি থকা মূষলধাৰ বৰষুণৰ বাবে বিয়লিৰ পৰা পুণৰ জটিল ৰূপ ধাৰণ কৰিছে।

ইয়াৰ ফলত ধুমাৰপথাৰ গাঁও পঞ্চায়ত এলেকাৰ বহুকেইখন গাঁও জলমগ্ন হৈ আছে৷ উল্লেখযোগ্য যে বজালীৰ বানাক্ৰান্ত সকলক বানৰ কবলৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ প্ৰশাসনে এন ডি আৰ এফৰ জোৱান নিয়োগ কৰিছে।

Exit mobile version