গুগুলৰ চিইঅ’ৰ লগত প্ৰধানমন্ত্ৰী মোদীৰ মতবিনিময়

freepressjournal 2020 07 2bb3d633 d501 498d 8770 9f93179af502 BeFunky collage 45

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুগুলৰ চি ই অ’ সুন্দৰ পিচাইৰ লগত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এখন বৈঠক অনুষ্ঠিত কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে ৷ লগতে গুগুলে ভাৰতত ৭৫হাজাৰ কোটি টকা দিয়াৰ কথা প্ৰকাশ কৰে ৷ মোদীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে “আজি পুৱা সুন্দৰ পিচাইৰ লগত মতবিনিময় কৰিলো ৷ আমি ভাৰতৰ কৃষক, ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন পৰিক্ৰমা পৰিৱৰ্তন কৰিবৰ কাৰণে প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰৰ সন্দৰ্ভত মতবিনিময় কৰো ৷ মই গুগুলে কৰা কামৰ বহু বিষয়ত জানিব পাৰিলো । বিশেষকৈ শিক্ষা, শিক্ষণ, ডিজিটেল ইণ্ডিয়া, ডিজিটেল পেমেন্ট আদি বহু বিষয়ৰ সন্দৰ্ভত জানিব পাৰিলো ৷”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সুন্দৰ পিচাইৰ লগত মতবিনিময় কৰোতে কৰ’নাৰ সময়ত প্ৰাধান্য লাভ কৰা নতুন কাৰ্যপন্থা সম্পৰ্কত জানিব পাৰিলো ৷ আমি ডাটা সুৰক্ষা আৰু চাইবাৰ সুৰক্ষা বিষয়েও কথা পাতিলো। ইপিনে মোদীয়ে বিগত দিনত গ্ল’বেল ইভেণ্টত কৈছিল যে ভাৰতত সকলো আন্তৰাষ্ট্ৰীয় কোম্পানীৰ কাৰণে ৰেড কাৰ্পেট পাৰি দিয়া হৈছে  ৷ ভাৰত অন্য দেশৰ তুলনাত ব্যৱসায় কৰিবৰ কাৰণে সকলোতকৈ আগ্ৰহী ৷

Exit mobile version