“বিটিচিত কাৰ্যকাল বৃদ্ধি কৰিবলৈ আবেদন জনাই ন্যায়ালয়ত মুখথেকেঁচা খালে বিপিএফে”- নৱ শৰণীয়া

nabo

আজি বিয়লি বাক্সাৰ শালবাৰীৰ বাৰাপেটাস্থিত বান শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তৰ বুজ লয় কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ বেঁকীৰ ভয়ংকৰ বাঢ়নী পানীত সৰ্বস্বান্ত হোৱা বন্যাৰ্তৰ ক্ষয় ক্ষতিৰ বুজ লৈ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদগৰাকীয়ে ৷

প্ৰসংগক্ৰমে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে এতিয়াও অবৈধ অস্ত্ৰ থকা বুলি কৰা মন্তব্যক প্ৰত্যুত্তৰ দিয়ে সাংসদ গৰাকীয়ে ৷ সংবিধানৰ শপত লৈ সাংসদ হোৱাৰে পৰা অস্ত্ৰৰে সম্পৰ্ক নথকা তথা আইন বিৰুদ্ধ কোনো কাম নকৰাৰ কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

সাংসদ গৰাকীৰ লগত অবৈধ অস্ত্ৰ থকা নথকাৰ কথাটো প্ৰশাসনে ইতিমধ্যেই অৱগত বুলি মন্তব্য আগবঢ়ায় সাংসদ শৰণীয়াই ৷ বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে পূৰ্বৰ শাসনাধীন বিপিএফ দলে আপত্তি দৰ্শাইছিল যদিও ন্যায়ালয়ে আজি সেই আবেদন

নাকচ কৰাৰ কথা উল্লেখ কৰি বিপিএফ দলে মুখ থেকেচা খোৱা বুলি মন্তব্য আগবঢ়ায় শৰণীয়াই ৷ উল্লেখ্য যে বন্যাৰ্তৰ বুজ লোৱাৰ সময়ত সাংসদগৰাকীৰ লগত উপস্থিত থাকে ২০ নং মথনগুৰি সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ইব্ৰাহীম আলীয়ে ৷

Exit mobile version