কৃত্ৰিম নখত চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ

drawing

এখন সৰু কেনভাছত পাঁচটা কৃত্ৰিম নখ । এই নখ কেইটাত জীৱন্ত হৈ উঠিছে মহাত্মা গান্ধীৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু লৈ । এটাত যদি আছে ভগৎ সিং, আন এটাত আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা । আৰু কোনোবাটোত আকৌ গণতান্ত্ৰিক বৈচিত্ৰময় ভাৰতৰ ঐক্যৰ পৰম্পৰা প্ৰদৰ্শিত কৰা ছবি । এই চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰে পশ্চিমবংগৰ পূব বৰ্ধমান জিলাত বাস কৰা ২৩ বছৰীয়া বুবন পালে ।

যোৱা ফেব্ৰুৱাৰী মাহত বুবনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।প্ৰতিযোগিতাৰ বিষয় আছিল তিনি মিনিটৰ ভিতৰত ২.৯ আৰু ১.৪ ছেন্টিমিটাৰৰ কেনভাছৰ ওপৰত ক্ষুদ্ৰতম শিল্প সৃষ্টি কৰাৰ । এই প্ৰতিযোগিতাত বুবনে কৃত্ৰিম নখৰ ওপৰত অংকন কৰে ক্ষুদ্ৰতম চিত্ৰ । এই চিত্ৰ অংকনৰ বাবে বুবনে ব্যৱহাৰ কৰে পেঞ্চিল আৰু ‘জেল নেইল পলিচ’ ।  হঠাৎ যোৱা শুক্ৰবাৰে বুবনলৈ আহে অনাকাংক্ষিত সেই স-ুখবৰটো ।

তলাবন্ধৰ পৰিপ্ৰেক্ষিতত কোনো অনুষ্ঠানৰ পৰিৱৰ্তে বৰ্ধমানৰ ঠিকনাত বুবনলৈ আহে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ প্ৰশংসা পত্ৰৰ লগতে আহে এটি ‘মেডেল’ তথা কিছু অন্যান্য সামগ্ৰী । বুবনৰ এই কৃত্বিতত আনন্দিত হৈ পৰে স্থানীয় লোকসকল । দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বুবন সৰুৰে পৰাই আছিল মেধা সম্পন্ন ।সৰুৰে পৰাই ছবি আঁকি ভাল পাইছিল বুবনে । বুবনৰ কৃত্বিতত আনন্দিত হৈ পৰে পিতৃ-মাতৃও । ভৱিষ্যতে বুবনে ভাল চিত্ৰ কৰ্মৰাজি সৃষ্টিৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে জীৱনত আগবাঢ়িবলৈ বিচাৰে ।

Exit mobile version