চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতৰ ৰণকৌশলৰ মধ্যমণি অসম সন্তান

nov 22 204 3 e1594714583509

চীন ভাৰতৰ সংঘাতৰ মাজতে দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ উঠা টাইৱানক লৈ এইবাৰ কুটনীতি লক্ষ্যণীয় হৈ পৰিছে ৷ সমান্তৰালভাৱে টাইৱানেও এই ক্ষেত্ৰত গ্ৰহণ কৰিছে কৌশলপূৰ্ণ স্থিতি  ৷ যিসময়ত চীনে চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ স’তে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটোৱাৰ কৌশল গ্ৰহণ কৰিছে ৷ সেই সময়ত ভাৰতো ৰৈ থাকিব বিচৰা নাই । লক্ষ্যণীয়ভাৱে টাইৱান আগবাঢ়িছে ভাৰতৰ স’তে মধুৰ সম্পৰ্ক গঢ়াৰ দিশত ৷ এনে জটিল কুটনৈতিক সন্ধিক্ষণতে ভাৰতে টাইৱানত টাইপেই ইণ্ডিয়া এছ’চিয়েছনৰ সঞ্চালক ৰূপে নিযুক্তি দিছে দেশৰ এজন দক্ষ কুটনীতিবিদ ৰূপে প্ৰতিষ্ঠা লাভ কৰা অসম সন্তান গৌৰাংগ লাল দাসক ৷

ৰাষ্ট্ৰদূতৰ সমপৰ্য্যায়ৰ পদত দিয়া এই নিযুক্তিক লৈ এছিয়া মহাদেশৰ ৰাজনীতিতে ব্যাপক চৰ্চা চলিছে । কিয়নো চীনৰ বিৰুদ্ধে ইতিমধ্যে কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি তথা দেশখনৰ অনৈতিক আগ্ৰাসী নীতিৰ বাবে বিশ্বৰ বৃহৎ সংখ্যক দেশ খৰ্গহস্ত হৈ পৰিছে ৷ আনকি টাইৱানক এখন স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিয়াতো চীনে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে ৷ যাৰ বাবে চীনৰ আন্তৰ্জাতিক সীমাৰ লগত লাগি থকা টাইৱানো গভীৰভাৱে ক্ষুণ্ণ ৷এনে এক পৰিস্থিতিৰ মাজত এজন অসমীয়া যুৱ কুটনীতিবিদ গৌৰাংগ লাল দাসৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিছে এক গধুৰ দায়িত্ব ৷

উল্লেখযোগ্য যে ইতিমধ্যে বৈদেশিক সেৱাৰ বিষয়া দাসে বেইজিঙত সফলতাৰে সাত বছৰ কৰ্মৰত আছিল ৷ সেই সূত্ৰে তেওঁ চীন ভাষাতো বুৎপত্তি অৰ্জন কৰিছে ৷ তদুপৰি টাইৱানৰ মূল সংযোগী ভাষা মাণ্ডাৰিনতো বুৎপত্তি আছে দাসৰ ৷ বিষয়াজন নিজৰ নতুন এই দায়িত্ব দক্ষতাৰে পালন কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী তেওঁৰ শুভাকাংক্ষী ঘনিষ্ঠ মহলো ৷

Exit mobile version