মাতৃয়ে ভবাই নাছিল পুত্ৰ যে এদিন ঘূৰি আহিব

Screenshot 20200714 073502

সুদীৰ্ঘ ১৫ বছৰৰ পিছত কৰ’না তলাবন্ধৰ বাবেই মাতৃ পুত্ৰৰ মহামিলন ঘটিল ৷ সুদীৰ্ঘ বছৰৰ অন্তত ঘৰলৈ উভতি আহিল স্নেহৰ একমাত্ৰ পুত্ৰ ৷ মাতৃ পুত্ৰৰ মহামিলনৰ এক আৱেগিক মূহুৰ্ত ৷ শোণিতপুৰৰ বৰছলাৰ শিয়ালমাৰি পথাৰ গাঁৱৰ সুদীৰ্ঘ ১৫ বছৰে পুত্ৰ স্নেহৰ পৰা বঞ্চিত মাতৃৰ অৱশেষত সুখৰ চকুলো ওলাল ৷ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবেই ঘৰৰ একমাত্ৰ পুত্ৰ দিপাংকৰ বৰ্মনে ঘৰৰ পৰা ওলাই গৈছিল ।

দিপাংকৰ বৰ্মনে ঘৰৰ পৰা ওলাই যোৱা ১৫ বছৰ পাৰ হ’ল ৷ ১৫ বছৰৰ পাছত আপোন ঘৰখনলৈ উভতি হৈ আহিল পুত্ৰ । পুত্ৰৰ লগত ঘৰলৈ আহিল বোৱাৰীও । ১৫ বছৰৰ পিছত পুত্ৰক দেখা পোৱাত মাতৃ কিৰণ বৰ্মন আবেগিক হৈ পৰিল। সুদীৰ্ঘ বছৰৰ পিছত পুত্ৰক দেখি হঠাৎ মাটিত ঢলি পৰিল মাতৃ কিৰণ বৰ্মণ ৷ পুত্ৰক চাবলৈ ব্যাকুল হৈ থকা মাতৃ কিৰণ বৰ্মনে স্বাভাবিকতে হয়তো ভবা নাছিল বা বুজাব পৰা নাছিল নিজৰ মনটোক ৷ হয়তো কিৰণ বৰ্মনে ভবাই নাছিল যে পুত্ৰ এদিন ঘৰলৈ উভতি আহিব ৷ সেয়ে হয়তো পুত্ৰক দেখি মূৰ্চ্ছা গৈছিল তেওঁ ৷

আনহাতে দীপাংকৰ বৰ্মন অহালৈ প্ৰতিটো মূহুৰ্তে বাট চাই ৰৈছিল মাতৃৰ লগতে গাঁৱখনৰ সকলো লোক । ১৫ বছৰতে ঘৰৰ পৰা ওলাই যোৱা দিপাংকৰৰ এতিয়া ৩০ বছৰীয়া হ’ল ৷ লগত আহিল বোৱাৰিও ৷ ইপিনে দীপাংকৰৰ মাতৃয়ে সুঁৱৰিলে পিতৃৰ মৃত্যুৰ সময়ত দিপাংকৰৰ পিতৃয়ে কি দৰে শেষ বাৰৰ বাবে একমাত্ৰ পুত্ৰক চাবলৈ বিচাৰিছিল ৷ দিপাংকৰ অনুপস্থিত মৃত্যু হ’ল তেওঁৰ দেউতাক আৰু খুড়াকৰ । অৱশেষত মাতৃ পুত্ৰৰ এই মহামিলনে সকলোকে আবেগিক কৰি তুলিলে ৷ ইপিনে বহিঃৰাজ্যৰ পৰা নিজ গৃহত উপস্থিত হোৱা যুৱকজন হোম কোৱাৰেন্টাইন হ’বলগীয়া হয় ।

Exit mobile version