অনলাইন ক্লাছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে কেন্দ্ৰই

Online classes 1 1

কৰ’না ভাইৰাছৰ কাৰণে সম্প্ৰতি বিদ্যালয়সমূহত বন্ধ । সকলো বিদ্যালয়তে চলিছে অনলাইন ক্লাচ । তাৰ মাজতে কিছুমান বিদ্যালয়ত অনলাইন ক্লাছ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত “প্ৰাজ্ঞতা” নামেৰে গাইডলাইন প্ৰকাশ কৰি মানৱসম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে অতিমাৰীৰ মোকাবিলা কৰাৰ কাৰণে বিদ্যালয়সমূহে নতুন পন্থা অৱলম্বন কৰা হৈছে । এই পদ্ধতিৰ জৰিয়তে স্বাস্থ্যসন্মত পদ্ধতিতে উচ্চ মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিব। গতিকে কৰ’না মহামাৰীৰ সময়ত শিক্ষাৰ্থীসকলৰ শিক্ষা উন্নত মানৰ হ’বৰ কাৰণে তৈয়াৰ কৰিছে এই গাইডলাইন ।

নতুন গাইড লাইন অনুযায়ী প্ৰাক প্ৰাথমিক স্তৰত দিনে ৩০ মিনিটতকৈ বেছি অধিক ক্লাছ ল’ব নোৱাৰিব শিক্ষকে । প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুটা পৰ্যায়ত ক্লাচ কৰিব পাৰিব ৷ প্ৰতিটো শ্ৰেণীৰ সময় হ’ব ৪৫ মিনিট । আনহাতে নৱমৰ পৰা দশম শ্ৰেণীৰ পৰ্যন্ত চাৰিটা পৰ্যায়ত শিক্ষা দিয়া হ’ব । এটা এটা চেশ্যনত থাকিব ৩০ ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশত তলাবন্ধ জাৰি কৰা হৈছে ৷

ইয়াৰ পূৰ্বে ১৬ মাৰ্চৰ পৰা সমগ্ৰ দেশত বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল ৷ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে কেতিয়া বিদ্যালয়সমূহ খোলা হ’ব সেয়াও সম্প্ৰতি অনিশ্চয়তাত ৷ গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যাতে শৈক্ষিক বৰ্ষসমূহত কৰ’নাই প্ৰভাৱ পেলাব নোৱাৰে তাৰ কাৰণে নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে বিভাগীয় মন্ত্ৰ্যালয়ে ।

Exit mobile version