অযোধ্যাক লৈ কৰা মন্তব্যৰ পিছতে ধিক্কাৰৰ সন্মুখীন অলি

KPOLI

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিয়ে ভগৱান ৰামক লৈ দিয়া বিতৰ্কিত মন্তব্যৰ পিছতে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে নেপালতে অ’লি বিৰোধিতাৰ সন্মুখীন হৈছে  ৷ সীতা জন্মস্থলী জনকপুৰত বুধবাৰে স্থানীয় লোকে ৰাম জানকি মন্দিৰত প্ৰধানমন্ত্ৰী অলি সৎ বুদ্ধি আহিবলৈ পূজা কৰিছে ৷

এই সন্দৰ্ভত ৰাম জানকী মন্দিৰৰ পূজাৰী ৰাম তপেশ্বৰ দাসে কয় যে ধৰ্ম আৰু ৰাজনীতি একত্ৰিত কৰাটো উচিত নহয় । আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে অলিৰ চেতনা ঘূৰি আহক ৷ কাৰণ তেওঁ এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে নহয়, তেওঁ এটা অনুষ্ঠান ৷ যদি এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ ভাষ্য প্ৰদান কৰে তেন্তে সাধাৰণ জনতাই কি আদৰ্শ ল’ব ৷ সেয়েহে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে অলিক জ্ঞান দিয়ক ৷ আৰু অনাৱশ্যকীয় পৰামৰ্শ, মত দিয়াটো বন্ধ কৰক । লগতে পুজাৰী ৰাম তাপেশ্বৰে ঐতিহাসিক অযোধ্যা ভাৰতৰ গৌৰৱ বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে ভাৰত নেপালৰ সীমান্ত বিবাদৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী কেপি শৰ্মা অ’লীয়ে ভাৰতৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল যে ভাৰতে এখন ভুৱা অযোধ্যা নিৰ্মাণ কৰি ভাৰতীয় সংস্কৃতিক অপমানিত কৰিছে ৷ লগতে অলিয়ে কয় যে ৰামৰ জন্ম হৈছিল নেপালৰ বীৰগঞ্জৰ ওচৰৰ এখন গাঁৱত। ৰাম নেপালী আছিল ৷ ভাৰতত সীতাৰ বিবাহ ৰামৰ লগত হৈছিল বুলি ভবাটোও ভুৱা  ৷ ৰামৰ লগত সীতাৰ বিয়া নেপালতহে হৈছিল।  অৱশ্যে এইক্ষেত্ৰত অলিয়ে কোনো ধৰণৰ প্ৰমাণ এতিয়ালৈকে দিয়া নাই ।

Exit mobile version