ভাৰতীয় সেনাবাহিনীলৈ কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

05CjJPKGxddnP2AfaFWwEMq

দেশত শেহতীয়াকৈ ভাৰতীয় সেনাবাহিনীক ফেচবুক ব্যৱহাৰ নকৰিবলৈ দিয়া সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰা এজন জ্যেষ্ঠ ভাৰতীয় সেনালৈ উচ্চ ন্যায়ালয়ে দিছে এক কঠোৰ আজ্ঞা ৷ আদালতে সেনাবাহিনীৰ বিষয়াজনক কয় যে যদি আপোনাৰ ফেচবুক ব্যৱহাৰ কৰিবলৈ ইমান মন, তেনেহেলে আপুনি চাকৰিৰ পৰা অব্যাহতি ল’ব পাৰে ৷ সেনাগৰাকীয়ে আদালতত জনাইছিল যে ফেচবুক ডিলিট কৰিলে তেওঁ অন্তৰংগ বন্ধু বান্ধবীৰ পৰা বিচ্ছেদ হ’ব ৷ লগতে সেনা বিষয়া জনে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৮৯ টা এপ বন্ধ কৰাক লৈও সৰৱ হৈ পৰিছিল আৰু আবেদনো কৰিছিল আদালতত ৷

আনহাতে ন্যায়াধীশ ৰাজীৱ সহায় আৰু ন্যায়াধীশ আশা মেননৰ বিচাৰপীঠে লেফটেনেণ্ট জেনেৰেল কৰ্ণেল পিকে চৌধুৰীৰ কৰা আবেদন সন্দৰ্ভত শুনানি দিয়ে ৷ বিচাৰপীঠে পি কে চৌধুৰীক কয় “আপুনি সিদ্ধান্ত লওঁক ৷ কথাটো হ’ল সেনা বাহিনী ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰত থাকিব লাগিব ৷ ৰাষ্ট্ৰৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে এই সিদ্ধান্ত কৰা হৈছে। সেয়েহে আপোনালোকে ফেচবুক একাউণ্ট ডিলিট কৰিব লাগিব। দেশৰ কাৰণে লোৱা সিদ্ধান্তসমূহত কেতিয়াও প্ৰশ্ন নকৰে ৷ অনুগ্ৰহ কৰি আপোনালোকৰ ফেচবুক একাউণ্ট ডিলিট কৰক।”

Exit mobile version