আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, মাইক্ৰচফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ লগতে বহু বিখ্যাত ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক কৰিছে দুষ্ট চক্ৰই । আনহাতে দুষ্ট চক্ৰটোৱে আইফোন কম্পেনী এপ’ল আৰু কেব চাৰ্ভিছ উবেৰকো লক্ষ্য কৰি লৈছে । যোৱা বুধবাৰে একাউণ্ট হেক কৰি চক্ৰটোৱে বহু প’ষ্ট আপলোড কৰাৰ কথা সদৰি কৰে টুইটাৰ কৰ্তৃপক্ষই ৷
আনহাতে এতিয়ালৈকে দুষ্ট চক্ৰটোৱে কিমান তথ্য চুৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই । আশংকা কৰা হৈছে হেকাৰে চুৰ কৰা তথ্যৰে লোকসকলক ব্লেকমেইল কৰিবও পাৰে৷ লগতে চলিত বৰ্ষত আমেৰিকাত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে । ইপিনে টুইটাৰ একাউণ্ট হেক কৰা চেলিব্ৰিটিসকলৰ কোটি কোটি ফ’ল’ৱাৰত কিবা প্ৰভাৱ পৰিব নেকি সেয়া সময়েহে ক’ব ৷