আমেৰিকাত বহু চেলিব্ৰিটিৰ একাউণ্ট হেক কৰিছে দুষ্ট চক্ৰই

gettyimages 504662110

Faceless Computer Hacker

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, মাইক্ৰচফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ লগতে বহু বিখ্যাত ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক কৰিছে দুষ্ট চক্ৰই । আনহাতে দুষ্ট চক্ৰটোৱে আইফোন কম্পেনী এপ’ল আৰু কেব চাৰ্ভিছ উবেৰকো লক্ষ্য কৰি লৈছে । যোৱা বুধবাৰে একাউণ্ট হেক কৰি চক্ৰটোৱে বহু প’ষ্ট  আপলোড কৰাৰ কথা সদৰি কৰে টুইটাৰ কৰ্তৃপক্ষই ৷

ADVERTISEMENT

আনহাতে এতিয়ালৈকে দুষ্ট চক্ৰটোৱে কিমান তথ্য চুৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই । আশংকা কৰা হৈছে হেকাৰে চুৰ কৰা তথ্যৰে লোকসকলক ব্লেকমেইল কৰিবও পাৰে৷ লগতে চলিত বৰ্ষত আমেৰিকাত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে । ইপিনে টুইটাৰ একাউণ্ট হেক কৰা চেলিব্ৰিটিসকলৰ কোটি কোটি ফ’ল’ৱাৰত কিবা প্ৰভাৱ পৰিব নেকি সেয়া সময়েহে ক’ব ৷

Exit mobile version