কৰ’না ভাইৰাছৰ ভেকচিন সন্দৰ্ভত ভাৰতৰ প্ৰশংসাত পঞ্চমুখ বিল গেটছ্

corona vaccine

মাইক্ৰ’চফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছে ক’ভিড-১৯ ভেকচিনক লৈ ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৷ গেটছে কয় যে ভাৰতৰ ওচৰত ক’ভিড-১৯ ভেকচিন তৈয়াৰ কৰাৰ সম্পূৰ্ণ ক্ষমতা আছে ৷ ভাৰত ইতিমধ্যে ভেকচিনক লৈ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৷ আৰু ভাৰতৰ ফাৰ্মা কোম্পানীয়ে কৰ’না ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰত যাৱতীয় কাম কাজ কৰি আছে ৷

“Covid 19: India’s War Against the Virus” নামৰ এখন তথ্যচিত্ৰত বিল গেটছে শুক্ৰবাৰে কয় যে ভাৰতৰ জনসংখ্যাৰ অনুপাত বহুত বেছি ৷ সেয়েহে ভাৰতে কৰ’নাৰ দিনত বহুত বেছি সংঘৰ্ষ কৰিবলগীয়া হৈছে ।ভাৰতৰ ফাৰ্মা কোম্পানীৰ ক্ষমতাৰ বিষয়ে উল্লেখ কৰি বিল গেটছে কয় যে ভাৰতত বহু ভেকচিনৰ কোম্পানী আছে ৷ যিয়ে বিশ্বত বিভিন্ন ঠাইলৈ ঔষধ বিতৰণ কৰে ৷ লগতে বিল গেটছে ভাৰতৰ সন্দৰ্ভত কয় যে

১. সকলোতকৈ বেছি ভেকচিনৰ নিৰ্মাণ হয় ভাৰতত ৷ সীৰম ইনষ্টিটিউটত ইয়াৰ সকলোতেকৈ উত্তম উদাহাৰণ ৷

২. ভাৰতত বায়’ ই,বায়’টেকৰ দৰে কোম্পানীও আছে । যিয়ে ক’ভিড১৯ ভেকচিন নিৰ্মাণ কৰাত সহায় কৰিছে।

৩. ভাৰতৰ ফাৰ্মা কোম্পানীৰ কৰ’না ভেকচিন তৈয়াৰ কৰাৰ সম্পূৰ্ণ ক্ষমতা আছে ৷ এই ভেকচিনে কৰ’নাৰ ফলত হ’ব পৰা মৃত্যু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব ৷

৪. আনহাতে বিল গেটচ আৰু মেলিণ্ডা গেটচ ফাউণ্ডেচন, ভাৰত চৰকাৰ, আইচিএমআৰ সকলোৱে মিলি কৰ’নাৰ কাৰণে কাম কৰি আছে ৷

উল্লেখযোগ্য যে ভাৰতত ১৪টা ভেকচিনৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে । সকলোৱে আশা কৰিছে অনতি পলমে ভেকচিনৰ উদ্ভাৱন হৈ কৰ’নাক বিশ্বই জয় কৰিব ৷

Exit mobile version