জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

himanta 1587224358

■ আগষ্ট মাহটো হ’ব প্ৰত্যাহ্বানমূলক।
■ ১০ হাজাৰ ক’ভিড বেড গুৱাহাটীত সাজু কৰি তোলা হৈছে ।
■ ৰাজ্যত আজিৰ দিনটোলৈকে মুঠ ৬ লাখ টেষ্ট সম্পূৰ্ণ কৰিব।
■ এই মাহতে হ’ব ৬ টা নতুন লেব, ৰাজ্যত মুঠ লেবৰ সংখ্যা বৃদ্ধি পাব ১৯ লৈ।
■ ৰেপিড এন্টিজেন টেষ্ট কৰা হ’ব সমগ্ৰ ৰাজ্যতে।
■ ৰাজ্যত আৰম্ভ হৈছে প্লাজমা থেৰাপি।
■ প্লাজমা দান কৰিবলৈ ১০৪ ত যোগাযোগ কৰিব পাৰিব।
■ প্লাজমা বেংকত দান কৰা সকলক ‘প্লাজমা ড’নাৰ চাৰ্টিফিকেট’ প্ৰদান কৰা হ’ব।
■ এটা প্লাজমাই দুজন লোকক সুস্থ কৰি তুলিব পাৰে।
■ বহিঃৰাজ্যৰ লোকেও প্লাজমা দিব পাৰিব।
■ অহা এসপ্তাহৰ ভিতৰত ডেৰশ লেব টেকনিচিয়ানক নিযুক্তি প্ৰদান কৰিব।
■ গুৱাহাটীত পুনৰ নতুনকৈ ৬০ টা ক’ভিড স্ক্ৰিনিং চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।

Exit mobile version