নিষ্ঠাৰ প্ৰমাণ দিয়ক পাইলটে

sachin pilot

ৰাজস্থানৰ আশোক গেহলট চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি দলৰ বিদ্ৰোহী নেতা হৈ পৰা শচীন পাইলটৰ বিৰুদ্ধে কংগ্ৰেছে আন এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ হাৰিয়ানা চৰকাৰৰ আতিথ্য ত্যাগ কৰি জয়পুৰলৈ আহি তেওঁ যে বিজেপিলৈ যাব বিচৰা নাই তাক প্ৰমাণ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতৃত্বই । এক ভিডিঅ’ বাৰ্তাত কংগ্ৰেছৰ নেতা ৰণদ্বীপ সিং সূৰ্যেৱালাই কয় যে আশোক গেহলট চৰকাৰৰ থৰক বৰক কৰাৰ বাবে বিজেপিৰ ষড়যন্ত্ৰ ব্যৰ্থ হৈছে ৷ পাইলটক যুৱ নেতা বুলি সম্বোধন কৰি ভিডিঅ’টোত কোৱা হৈছে যে বিজেপি নেতৃত্বাধীন হাৰিয়ানা চৰকাৰৰ আতিথ্য ত্যাগ কৰি জয়পুৰৰ আপোন ঘৰলৈ আহক । গুৰুগ্ৰামৰ দুখন হোটেলত হাৰিয়ানাৰ নিৰাপত্তা বাহিনীৰ তদাৰকত আছুতীয়াকৈ ৰখা কংগ্ৰেছৰ বিধায়ককেইজনকো পাইলটে ঘূৰাই আনিব লাগে ।

ইপিনে গান্ধী পৰিয়ালৰ শীৰ্ষ নেতৃত্বই কয় যে যদি গেহলটে কংগ্ৰেছক সমৰ্থন কৰে তেন্তে হোটেলৰ বাহিৰত অপেক্ষাৰত সংবাদমাধ্যমক জনাওক । আনহাতে এই সকলোবোৰৰ অন্তত গেহলটে কয় “আমাৰ হাতত প্ৰমাণ আছে যে হৰ্ছ ট্ৰেডিঙৰ বাবে অংগীকাৰ দিয়া হৈছিল ৷ ধনৰ প্ৰস্তাৱ দিয়া হৈছিল ৷” গেহলটে শচীন পাইলট উদ্দেশ্যি কয় “আমাৰ আপুনি উপমুখ্যমন্ত্ৰী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু আপুনি বিজেপিৰ বন্দোবস্তি কৰে ? আপুনি ম’বাইল নম্বৰ আৰু নাম বিচাৰে আৰু ষড়যন্ত্ৰ লিপ্ত হয় ৷ তাৰ পাছত সিহঁতে কয় যে কোনো হৰ্ছ ট্ৰেডিং হোৱা নাই । ষড়যন্ত্ৰৰ অংশীদাৰ হৈ এতিয়া আপুনি কি স্পষ্টীকৰণ দিছে ৷”

Exit mobile version