অব্যাহত আছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ভেকচিন তৈয়াৰ প্ৰক্ৰিয়া

coronavaccine1.v1

কৰ’না ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা আহিব পাৰে সুখবৰ । বিশেষজ্ঞসকলৰ দাবী যে ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰৰ পৰীক্ষাটো আছিল যথেষ্ট সন্তোষজনক । কাৰণ কৰ’নাত আক্ৰান্ত হৈ ভেন্টিলেশ্যনত থকা ৰোগীৰ এই ভেকচিন ব্যৱহাৰ কৰাৰ পিচত সন্তোষজনকভাৱে স্বাস্থ্যৰ উন্নতি দেখিবলৈ পোৱা গৈছিল ৷

ইপিনে অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে তৈয়াৰ কৰা প্ৰথম পৰ্যায়ৰ ভেকচিনৰ পৰীক্ষা কৰা হৈছিল এপ্ৰিলত ৷ স্বাস্থ্য সচিব মেট হেনকৰ্কৰ মতে ভেকচিন তৈয়াৰ কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা হাতত লৈ থকা হৈছে । চলিত বৰ্ষ বা ২০২১ ৰ প্ৰথম ভাগতে কৰ’না ভেকচিনৰ সন্দৰ্ভত বিশ্ববাসীয়ে সুখবৰটো লাভ কৰিব পাৰে ।

আনহাতে ভেকচিন কেতিয়াকৈ উপলব্ধ হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তাৰিখ ঘোষণা কৰা হোৱা নাই। চলিত বৰ্ষৰ ছেপ্টেম্বৰক লক্ষ্য কৰি কৰ’নাৰ ভেকচিনৰ ওপৰত প্ৰচেষ্টা চলাই থকা হৈছে ৷ উল্লেখযোগ্য যে অক্সফৰ্ডৰ ভেকচিন ChAdOx1 nCoV-19 ভেকচিনে দীঘলীয়া সময় ধৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব ৷ লগতে এন্টীব’ডিৰো ক্ষমতা বৃদ্ধি কৰিব ৷

Exit mobile version