তিৰুপতি মন্দিৰত কৰ’নাৰ গণ সংক্ৰমণ

maxresdefault 2

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা কৰাৰ পিছতো সংক্ৰমণৰ গতি হ্ৰাস পোৱা নাই ৷ এতিয়ালৈকে মন্দিৰটোত ১৪০ জনতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰে ১৪ জন পূজাৰী ৷কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছত সম্প্ৰতি মন্দিৰটোৰ দুৱাৰ বন্ধ কৰি দিবৰ কাৰণে কৰ্মচাৰী সংগঠন আৰু ৰাজনৈতিক দলসমূহে দাবী কৰিছে । অৱশ্যে মন্দিৰটোৰ ট্ৰাষ্টে মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

ইপিনে, ৮ জুনত আনলক ১ ৰ সময়ত মন্দিৰৰ দুৱাৰ খোলা হৈছিল ৷ ১১ জুনৰ পৰা তিৰুপতি মন্দিৰৰ দুৱাৰ সাধাৰণ লোকৰ কাৰণে খুলি দিছিল ৷ ইয়াৰ দুদিনৰ পিছৰ পৰাই মন্দিৰৰ বিষয়ববীয়াসকলৰ মাজত কৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে । সম্প্ৰতি কৰ’নাৰ সংক্ৰমণলৈ চাই মন্দিটোত ভক্তৰ ভীৰ ক্ৰমাৎ হ্ৰাস পাইছে । মন্দিৰটোত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱা পিছত ভক্তসকলৰ দৰ্শন বন্ধ কৰাৰ আহ্বান কৰিছে কৰ্মচাৰী সংগঠনে ৷

বৃহস্পতিবাৰে কৰ্মচাৰী সংগঠনে ট্ৰাষ্টক কয় যে সম্প্ৰতি মন্দিৰটোত ভগৱানৰ দৰ্শন বন্ধ কৰিব লাগে ৷ যাতে বাকী থকা পূজাৰী আৰু কৰ্মচাৰীসকল কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱেও অন্ধ প্ৰদেশৰ চৰকাৰক সময় থাকোঁতেই যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান কৰে ৷ আনহাতে ট্ৰাষ্টৰ অধ্যক্ষ বাইবী চুব্বাৰেড্ডীয়ে কয় যে মন্দিৰৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত আছে ৷ গতিকে মন্দিৰ পুনৰ বন্ধ কৰাৰ কোনো কাৰণেই নাই । যিসকল লোকৰ পজিটিভ আহিছে তেওঁলোকক কোৱাৰেন্টাইন কৰা হৈছে ।

Exit mobile version