দৰঙত পৌৰসভাৰ কাৰ্যবাহী বিষয়াকে ধৰি পুনৰ ২২ জন আক্ৰান্ত ক’ভিড-১৯ত

coronavirus4m utz5jt

শুক্ৰবাৰে দৰঙ জিলাত পুনৰ ২২ জন লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ত ৷ এই কথা এক সংবাদ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে জিলাখনৰ স্বাস্থ্য বিভাগে । কৰ’নাত আক্ৰান্ত ২২ জন লোকৰ ভিতৰত মঙলদৈ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মাৰ উপৰি আক্ৰান্ত হৈছে সঞ্জীৱনী ১০৮ মৃত্যুঞ্জয়ৰ কৰ্মচাৰী অৰূপ তালুকদাৰ । এই লোককেইজনক ধৰি এতিয়ালৈকে দৰঙত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫৪৪ জনলৈ বৃদ্ধি পালে ৷

ইফালে দৰঙত বাঢ়ি অহা ক’ভিড আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মঙলদৈ ইচ্ছুক লোকসকলে যাতে লেলাৱতী নমুনা প্ৰদান কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । শুক্ৰবাৰৰ পৰা মঙলদৈ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত স্বাস্থ্য বিভাগৰ এটা দলে লেলাৱতীৰ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

প্ৰতিদিনে পুৱা ৯-৩০ বজাৰ পৰা আবেলি ৪ বজালৈ স্বাস্থ্য বিভাগৰ এই দলটিয়ে সেৱা আগবঢ়াব । কোনো লোকে জ্বৰ, কাঁহ, চৰ্দি তথা উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰিলে তেনে লোকক উক্ত কেন্দ্ৰলৈ গৈ লেলাৱতীৰ নমুনা প্ৰদান কৰিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে ৷ এই কেন্দ্ৰত শুক্ৰবাৰে প্ৰায় ৪৫ জন লোকক ৰেপিড এন্টিজেন্ট কীটৰ সহায়ত পৰীক্ষা কৰোৱা হয় ।

Exit mobile version