বিশ্ব কোনো শক্তিয়েই আমাৰ এক ইঞ্চি মাটিও চুব নোৱাৰেঃ ৰাজনাথ সিং

rajnath singh pti file 1592317674

বিশ্বৰ কোনো শক্তিয়েই আমাৰ এক ইঞ্চি মাটিও চুব নোৱাৰে । সীমান্তক লৈ এতিয়াও আলোচনা চলি আছে ৷ কিন্তু সমাধান কিমান হ’ব তাৰ নিশ্চয়তাহে এতিয়াই দিব নোৱাৰিব ৷ আজি লাডাখত উপস্থিত হৈ এই মন্তব্য কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । লাডাখত ৰাজনাথ সিঙে জোৱানসকলক উদ্দেশ্য কৰি কয় “আপোনালোকৰ মাজত আহি মই গৌৰাৱাম্বিত ৷ আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে । বিশ্বাস ৰাখক, আপোনালোক দুৰ্বল নহয় । আমাৰ আত্মসন্মানৰ ওপৰত কোনেও প্ৰশ্ন কৰিব নোৱাৰে ৷ কাৰ্গিল যুদ্ধত যিসকল জোৱান শ্বহীদ হ’ল তেওঁলোককো শ্ৰদ্ধা জনাইছো ৷ তেওঁলোকৰ সাহস আৰু ত্যাগ আমাৰ কাৰণে প্ৰেৰণাৰ উৎস।

লগতে ৰাজনাথ সিঙে কয় যে ভাৰতৰ এক ইঞ্চি মাটিও বিশ্বৰ কোনো শক্তিয়েই চুব নোৱাৰে ৷ বিশ্বত শান্তিৰ বাৰ্তা বহন কৰা ভাৰত একমাত্ৰ দেশ । আমাক শান্তি লাগে ৷ আমি ভাৰতৰ আত্মসন্মানৰ ওপৰত কেতিয়াও আঘাত লাগিবলৈ দিয়া নাই । গতিকে আমাৰ আত্মসন্মানত আঘাত কৰা সকলক আমি সহজে নলওঁ ৷ উল্লেখযোগ্য যে ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণৰ এই সময়ছোৱাত বিপিন ৰাৱটৰ লগতে আৰ্মীৰ বিষয়া মনোজ মুকুন্দ নৰবৰ্ণে উপস্থিত আছিল ৷ গালৱানত ভাৰত চীন সীমান্ত সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ লাডাখত উপস্থিত হ’লগৈ ৰাজনাথ সিং ৷

Exit mobile version