বেবেজীয়াত পথৰ ছাইড বামে জ্বলাকলা খুৱাইছে ৰাইজক

IMG 20200717 WA0018

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বেবেজীয়া অঞ্চলৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ ‘ছাইড বাম’ৰ বাবে কুৰিখনকৈ গাঁৱৰ ৰাইজে নৰকৰ যন্ত্ৰনা ভুগিব লগীয়া হৈছে । অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ । অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও পথটোৰ ছাইড বামৰ উন্নীতকৰণ কৰা নহ’ল বুলি ৰাইজে অভিযোগ তুলিছে। ৰাইজৰ অভিযোগ অনুসৰি কেৱল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে ।

যাৰ পৰিণতিত এতিয়া যমৰ যন্ত্ৰনা ভোগ কৰিবলগীয়া হৈছে বেবেজীয়া, মাহৰিআটী, ঘাঁহী, জাগীয়াল, দক্ষিণপাট, বৰজহা, ম’হমৰীয়া, কৃষ্ণাইখাট, বিহুচোৱাবৰ, ৰঙাচিলা, হাতীগড়, বালিগাঁও, বৰক’লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ৷ পথটোৰ ছাইড বাম উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ বাৰিষা সেই গাঁতসমূহত একাঠু পানী জমা হৈ কদৰ্যময় হৈ পৰিছে ।

যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হৈছে পথচাৰীসকল৷ বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া ৰে’ল ক্ৰছিঙৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ চাইড বাম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে । এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা । পথটোৰ ছাইড বামৰ দুৰৱস্থাৰ বাবে অৰ্দ্ধ শতাধিক লোক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছে ।

কেইবাখনো উচ্চ শিক্ষানুষ্ঠানখন, ঐতিহাসিক কীৰ্তিচিহ্ন, ৰে’ল ষ্টেচন, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক । কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা ল’ৰাব পৰা নাই গড়কাপ্তানি বিভাগৰ । এতিয়া স্থানীয় ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ ছাইড বামৰ উন্নীতকৰণৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীৰ হস্তক্ষেপলৈ আশাৰে বাট চাই ৰৈছে । কাৰণ ছাইড বামৰ উন্নীতকৰণ নোহোৱাকৈয়ে এতিয়া জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে গড়কাপ্তানি পথটোৰ মূল অংশ ৷

Exit mobile version