- জনসাধাৰণলৈ সকাহ প্ৰদান কৰি শুক্ৰবাৰে কিছু পৰিমাণে হ্ৰাস পালে ডিজেলৰ মূল্য ৷ দেশৰ বিভিন্ন ৰাজ্যত প্ৰতি লিটাৰত ১৫ ৰ পৰা ১৭ পইচা পৰ্যন্ত ডিজেলৰ মূল্য হ্ৰাস পাইছে । ইয়াৰ বিপৰীতে পেট্ৰলৰ মূল্য হ্ৰাস পোৱা নাই।
- বিগত ২৪ ঘন্টাত দেশত ৩৫,০০০ লোকৰ দেহত ক’ভিড-১৯ ধৰা পৰিছে ৷ শুক্ৰবাৰে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১০,০৩,৮৩২জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ লগে লগে ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ১০ লাখৰ ঘৰ ৷ মৃত্যু হয় ২৫,৬০৫ গৰাকীৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬,৩৬,৫৪১ জন ৷
- দক্ষিণ কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ নাগনাৰ ছিম্মৰ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় । আনহাতে এই সংঘৰ্ষত আহত হৈছে দুজনকৈ ভাৰতীয় জোৱান। সম্প্ৰতি ভাৰতীয় সেনাই অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে ৷
- বৃহস্পতিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ১৮৪ গৰাকী কয়দীৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ ৷ কাৰাগাৰতেই অখিল গগৈ, বিতু সোনোৱাল আদিৰ নেতা আক্ৰান্ত হৈছিল কৰ’নাত ৷ সম্প্ৰতি কাৰাগাৰত কৰ’নাত আক্ৰান্ত কয়দীৰ সংখ্যা ৩২৮ লৈ বৃদ্ধি পাইছে।
- ৰাজ্যত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ এই পৰ্যন্ত বানত ২৭ খন জিলাৰ ৯৭ গৰাকী লোকৰ মৃত্য হৈছে । ইয়াৰে ৭১ গৰাকী বানপানী আৰু ২৫ গৰাকী ভূমিস্খলনৰ ফলত মৃত্যু হোৱা বুলি দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে ।
- ভাৰতৰ লগতে চীনকো সমানে ভাল পাওঁ বুলি দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ কিছুদিনৰ আগলৈকে ভাৰতৰ পক্ষত থকা ট্ৰাম্পে চীনক আওপকীয়াকৈ কৰা সমৰ্থনে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷
ADVERTISEMENT