চিৰাঙৰ বিজনী ৪নং ময়নাগুৰিত আৰক্ষীৰ অভিযানত পুতি থোৱা মাৰনাস্ত্ৰ উদ্ধাৰ

chirang2

চিৰাঙৰ বিজনী ময়নাগুৰিত আৰক্ষীয়ে অভিযান কৰি পুতি থোৱা মাৰনাস্ত্ৰ উদ্ধাৰ কৰে ৷ চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জনায় যে এক বিশেষ গোপন তথ্যৰ ভিত্তিত জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰা সহ আৰক্ষীৰ দলে জিলাখনৰ বিজনীৰ ময়নাগুৰিত গোপন তথ্যৰ ভিত্তিত অভিযান চলায় । অভিযানত পুতি থোৱা অৱস্থাত পুৱা ১০.৩০ বজাত এইচ কে চিৰিজৰ এটা ৰাইফল, এটা মেগজিন আৰু দহ জাই সজিব গুলি উদ্ধাৰ কৰে ৷

ইফালে পলিথিনেৰে মেৰিয়াই মাটীৰ তলত পুতি থোৱা আছিল উদ্ধাৰ কৰা মাৰনাস্ত্ৰটো৷ইয়াৰ পিছত মাৰনাস্ত্ৰটো বল্লামগুৰি আৰক্ষী চকীলৈ প্ৰেৰণ কৰে আৰু আইনী ব্যৱস্থা লোৱাৰ নিৰ্দেশনা দিয়ে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে জিলাখনৰ ভাৰত-ভূটান সীমান্তত সেনা-আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ উদ্ধাৰ কৰিছিল ৷ এই মাৰণাস্ত্ৰসমূহ উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে পুতি থোৱা বুলি প্ৰাথমিক ভাৱে সন্দেহ কৰা হৈছে বুলি জনায় চিৰাং জিলা আৰক্ষী অধিক্ষক জনে ।

Exit mobile version