পাথাৰকান্দিত গণ প্ৰহাৰত মৃত্যু তিনিটা বাংলাদেশী গৰু চোৰৰ

WhatsApp Image 2020 07 19 at 3.59.08 PM

পাথাৰকান্দিৰ বুবৰিঘাট চাহ বাগিছাত গণ প্ৰহাৰত মৃত্যু হয় তিনিজন বাংলাদেশী গৰু চোৰৰ ৷ এমাহৰ ভিতৰত পাথাৰকান্দিত এয়া দ্বিতীয়টো ঘটনা । জুন মাহত অনুৰূপ ঘটনা পুতনি চাহ বাগিছাত সংঘটিত হৈছিল ৷ এটা বাংলাদেশী গৰু চুৰক মৰিয়াই মৰিয়াই হত্যা কৰিছিল বাগিছাৰ ৰাইজে । আজি পুৱতি নিশাও একে ঘটনা সংঘটিত হৈছে বুবৰিঘাট চাহ বাগিছাত । মৃত্যু হোৱা তিনিজন লোকৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীৰ লোকে বাংলাদেশী গৰু চুৰ বুলি চিনাক্ত কৰিছে ৷ গণ প্ৰহৰাত মৃত্যু হোৱা লোকৰ পৰা উদ্ধাৰ হৈছে বাংলাদেশৰ ব্ৰেড, মহৰ কয়েল, কাটিং প্লায়াৰ আদিকে ধৰি বিভিন্ন সামগ্ৰী ৷ কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী গৰু চুৰৰ দৌৰাত্ম্য নতুন কথা নহয় । সীমান্ত এলেকাৰ লোকে একপ্ৰকাৰ বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হয় ।

সঘনাই জিলা খনৰ বিভিন্ন বাংলাদেশ সীমান্তৱৰ্তী এলেকাৰ পৰা স্থানীয় লোকৰ গৰু ম’হ আদি চুৰ হয় । আৰু প্ৰতি বাৰেই এনে ঘটনাৰ লগত বাংলাদেশী লোক জৰিত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আনকি যোৱা মাহ আৰু আজিৰ ঘটনাই বাংলাদেশী চোৰৰ হাত থকা বুলি পুনৰ প্ৰমাণিত হৈছে । শনিবাৰ নিশাৰ ভাগত বুবৰিঘাট চাহ বাগিছাৰ ৰাজু তেলেংগা নামৰ এগৰাকী বাগিছাৰ শ্ৰমিকৰ গোহালীৰ পৰা সাত জনীয়া দুৰ্বৃত্তৰ দলে গৰু চুৰ কৰি লৈ যাওঁতে গৃহস্থই উমান পাই হুলস্থূল কৰাত বাগিছাৰ লোক ঘৰৰ পৰা উলাই হাতে লোটে তিনিজন চুৰক আটক কৰিবলৈ সক্ষম হৈছিল যদিও ইয়াৰে চাৰিটা চুৰ পলাই যাবলৈ সক্ষম হৈছিল ।

ইপিনে মুহুৰ্তৰ ভিতৰতে সহস্ৰাধিক লোক জমা হৈ আৰম্ভ হয় গণপ্ৰহাৰ৷ আনহাতে স্থানীয় গাঁও ৰক্ষী বাহিনীয়ে বিষয়টো পাথাৰকান্দি আৰক্ষী থানাত অবগত কৰালে, আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া । কৰিমগঞ্জৰ পৰা উপ আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তৰ নেতৃত্বত এটা দল পিছে ঘটনাস্থলী পৰিদৰ্শন কৰি বুবৰিঘাট BOP ত উপস্থিত হৈ সীমান্ত আৰক্ষীৰ লগত বৈঠকত মিলিত হৈ বাংলাদেশৰ সৈতে বিষয়টোলৈ আলোচনাৰ মত পোষণ কৰে ৷ সম্প্ৰতি সীমান্ত এলেকাত বাংলাদেশীৰ অবাধ বিচৰণে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে ।

Exit mobile version