বিটিএডিত মাৰণাস্ত্ৰ উদ্ধাৰৰ ধাৰাবাহিকতা অক্ষুন্ন

WhatsApp Image 2020 07 19 at 5.58.13 PM

বিটিএডিৰ আন জিলাসমূহৰ সমান্তৰালভাৱে ওদালগুৰিতো ধাৰাবাহিকভাৱে উদ্ধাৰ হৈ আহিছে শক্তিশালী মাৰণাস্ত্ৰ । দেওবাৰে পুৱতি নিশা ওদালগুৰিৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত দুই নম্বৰ ঘাগ্ৰাত তিনিটা শক্তিশালী মাৰণাস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পুৱা প্ৰায় চাৰি বজাত ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, হৰিশিঙা আৰু ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে প্ৰেমাঙ্কুৰ হাজৰিকা আৰু দীপক দাসসহ এটা বৃহৎ আৰক্ষীৰ দলে অঞ্চলটোৰ লক্ষ্মী নদীৰ পাৰত মাটিত পুতি ৰখা অৱস্থাত অস্ত্ৰসমূহ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এইচকে৩৩ ৰাইফল, এটা এম১৬ ৰাইফল, এটা AK47 ৰাইফলসহ চাৰিটা খালী মেগজিন আৰু ২৭ জাই ৭.৬২এমএম সজীৱ গুলী ।

অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি জিলাখনত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান চলি আছে আৰু আগন্তুক দিনটো চলি থাকিব বুলি উল্লেখ কৰে । উদ্ধাৰ হোৱা অস্ত্ৰখিনে কোনে লুকুৱাই ৰাখিছিল সেয়া জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি অস্ত্ৰ আইনৰ ২৫(১-এ)ৰ অধীনত ৪৩/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে ইয়াৰ পূৰ্ৱেও ওদালগুৰি জিলাত প্ৰায় সাত বাৰকৈ শক্তিশালী অস্ত্ৰ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে।

Exit mobile version