অকৰ্মণ্য পাইলটক আমি বহুত সহ্য কৰিলোঃ আশোক গেহলট

SachinPilotAshokGehlotRajasthan 1

অব্যাহত আছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলট আৰু শচীন পাইলটৰ শীতল যুদ্ধ ৷ সোমবাৰে গেহলটে শচীনক সংবাদমাধ্যমৰ আগত “মাচুম চেহেৰা, হিন্দী ইংৰাজীত দখল থকাৰ লগতে দেশ বিদেশৰ মিডিয়াক মেনেজ কৰি ৰাখিব পৰা ব্যক্তি বুলি কটাক্ষ কৰে ।” লগতে পাইলটক কোনো কাম নোহোৱা ব্যক্তি বুলি অভিহিত কৰে ৷ “আমি জানো যে তেওঁ একো নকৰে ৷ মানুহৰ মাজত ভূল বুজাবুজি কৰায় ৷ কিন্তু ময়ো ইয়াত শাকপাচলি বিক্ৰী কৰিবলৈ অহা নাই।” পাইলটক উদ্দেশ্য কৰি এই মন্তব্য গেহলটৰ ।

ইফালে গেহলটে বিধায়কক ক্ৰয় কৰাক লৈ পাইলটক দোষী সাব্যস্ত কৰে  ৷ গেহলটে কয় “শচীন পাইলটে বহুত বেয়া খেল খেলিছে । পাইলটৰ ওপৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিশ্বাস আছিল যদিও সময়ত তেওঁলোকে একো নকৰিলে ৷ অতি কম বয়সতে পাইলটক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব দিলে ৷ উপমুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে ৷ কিন্তু বিগত ছমাহ ধৰি পাইলটে বিজেপিৰ লগত মিলি অভিসন্ধি ৰচি আছে ৷

বিগত সাত মাহে কোনেও প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ সালসলনি কৰিবলৈ বিচৰা নাই ৷ পাইলট অকমণ্য বুলি জানিও কোনেও পাইলটৰ বিৰুদ্ধে এটাও শব্দও কোৱা নাই । আনহাতে শচীন পাইলটে মনে মনে দিল্লীলৈ যায় বুলিও কয় গেহলটে ৷ লগতে গেহলটে কয় যে পাইলট মনে মনে গাড়ী চলাই অকলেই দিল্লীলৈ যায়। সমগ্ৰ বিশ্বত কৰ’নাই কৰা সন্ত্ৰাসৰ মাজত এই পৰিস্থিতি দুৰ্ভাগ্যজনক। আমি পাইলটক বহুত সহ্য কৰিলো ৷ এইটো বয়সতে ইমান উচ্চাকাংক্ষা ঠিক নহয় ৷

Exit mobile version