অপেক্ষাৰ অন্ত পৰিলঃ মানৱ শৰীৰত পৰীক্ষা কৰা হ’ল কভেক্সিন

swarajya 2020 07 92c7fb0f 2142 423d a4eb

দিল্লীস্থিত এইমছত সোমবাৰে প্ৰথমবাৰৰ কাৰণে কৰ’নাৰ ভেকচিন মানৱ দেহৰ ওপৰত প্ৰয়োগ কৰা হয় ৷ আই চি এম আৰে কৰ’না ভেকচিনক পৰীক্ষা কৰিবলৈ দিয়া ১৪ খন ইনষ্টিটিউটৰ ভিতৰত দিল্লী এইমছ হৈছে অন্যতম । এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰীয়াই কয় যে প্ৰথম পৰীক্ষামূলক পৰ্যায়ত ভেকচিন ১৮ ৰ পৰা ৫৫ বয়সীয়া তথা পূৰ্বতে কোনো ৰোগ নথকা লোকৰ শৰীৰত দিয়া হ’ব । সম্প্ৰতি ১১২৫ টা চেম্পল দিয়া হৈছে । ইয়াৰ ভিতৰত ৩৭৫ টা প্ৰথম পৰ্যায়ত পৰীক্ষা কৰা হ’ব ৷ আৰু দ্বিতীয় পৰ্যায়ত ১২ ৰ পৰা ৬৫ বছৰীয়া ৭৫০ বছৰীয়া লোকৰ শৰীৰত ভেকচিনৰ পৰীক্ষা কৰা হ’ব ৷

ইফালে কৰ’না ভেকচিন পৰীক্ষা কৰিবৰ কাৰণে ১০ ঘন্টাত ১০ হাজাৰ মানুহে ৰেজিষ্টেশ্যন কৰিছে ৷ ৰেজিষ্ট্ৰেশ্যন কৰা অধিকাংশই দিল্লী আৰু এনচিআৰৰ ৷ আনহাতে ড° গুলেৰীয়াই কয় যে কৰ’না ভাইৰাছ সমগ্ৰ দেশত গণ সংক্ৰমণৰ স্তৰত বিয়পাৰ প্ৰমাণ নাই ৷ কিন্তু য’ত হটস্পট আছে বা য’ত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে তাত গণ সংক্ৰমণৰ কথা নুই কৰিব নোৱাৰি । দিল্লীত প্ৰথমাৱস্থাত এনেধৰণৰ পৰিবেশ হৈছিল যদিও এতিয়া সংক্ৰমণৰ মাত্ৰা হ্ৰাস পাইছে ।

ইফালে এইমছৰ প্ৰফেচাৰ ডা° সঞ্জয় ৰায়ৰ মতে ক’ভিড ভেকচিনৰ লগত জড়িত হ’ব বিচৰা লোকে ০৭৪২৮৮৪৭৪৯৯ নম্বৰত ৰেজিষ্টাৰ কৰিব পাৰে। লগতে ctaiims.covid19@gmail.comt মেইল কৰিব পাৰে ৷ ভেকচিন পৰীক্ষা হোৱা লোকৰ প্ৰথমতে ক’ভিভ পৰীক্ষা কৰা হ’ব  ৷ কাৰণ ভেকচিনৰ পৰীক্ষা কেৱল নিৰোগী লোকৰ শৰীৰত কৰা হ’ব । উল্লেখযোগ্য যে ক’ভেক্সিনৰ পৰীক্ষা ইতিমধ্যে জন্তুৰ ওপৰত কৰা হৈছে ৷ সম্প্ৰতি ক’ভেক্সিনে মানৱ শৰীৰত এন্টিবডি তৈয়াৰ কৰিব পাৰিছেনে নাই, বা ভেকচিনটোৰ পৰা কোনো নেতিবাচক ফলাফল মানৱ দেহৰ ওপৰত পৰিব নেকি ? আদি বিভিন্ন বিষয় চাইহে এক নিশ্চিত সিদ্ধান্ত লোৱা হ’ব ৷

Exit mobile version