মূৰ্গী নহয় আগতে কণীয়েই আহিছিল

product jpeg

মূৰ্গী আগত নে কণী আগত? এই সাঁথৰ দীৰ্ঘদিনীয়া ৷ ইমানদিনে এই সাঁথৰ কোনো উত্তৰ নাছিল । কিন্তু অতি সম্প্ৰতি সেই সাঁথৰৰো সমাধান হোৱাৰ দাবী কৰিছে গৱেষকে । মূৰ্গী নে কণী ৷ এনে প্ৰশ্নটো এটা সময়ত সাঁথৰত পৰিণত হৈছিল ৷ সেই সাঁথৰ যেন বৃত্তাকাৰ আছিল, অৰ্থাৎ যাৰ আৰম্ভণি আৰু সমাপ্তি নাই ।

যুগ যুগ ধৰি সকলোৱে এই বিষয়ে গৱেষণা কৰি আহিছিল । কিন্তু কোনেও এই বিষয়ত যুক্ত সহকাৰে কোনো মত দাঙি ধৰিব পৰা নাছিল । অৱশেষত সেই ৰহস্যৰ আঁৰকাপোৰ উঠাবলৈ সক্ষম হোৱা বুলিয়ে দাবী কৰিছে আমেৰিকাৰ এদল গৱেষকে । আমেৰিকাৰ এনে গৱেষণাত জনা গৈছে এই পৃথিৱীত কাৰ অস্তিত্ব আগত আছিল ।

এনপিআৰ নামৰ এটা আমেৰিকান ৱেবছাইট জনাইছে অতি পুৰণি এই সাঁথৰৰ উত্তৰ ৷ সেই উত্তৰ হৈছে এক দীৰ্ঘদিনীয়া গৱেষণাৰ ফচল ৷ এই বিষয়ত দীৰ্ঘদিন ধৰি গৱেষণা চলাইছিল আমেৰিকাৰ সাংবাদিক ৰবাৰ্ট ক্ৰুলউইছে ৷ উক্ত ৱেবছাইটত জনোৱা হৈছে যে কে’বা হেজাৰ বছৰৰ পূৰ্বে পৃথিৱীত বাস কৰিছিল দেখাত মূৰ্গীৰ দৰে এবিধ বিৰাট আকাৰৰ পক্ষী । সেই চৰাইৰ স’তে মূৰ্গীৰ জিনগত মিল আছিল, কিন্তু মূৰ্গী নাছিল।

বিজ্ঞানীৰ মতে সেই পক্ষী আছিল এক প্ৰকাৰৰ প্ৰ’ট চিকেন ৷ সেই চৰাইৰ কণীত মতা সংগীটোৱে কিছু নতুন মাত্ৰা যোগ কৰে ৷ তাৰ পাছত সেই কণীত আৰু বিৱৰ্তনগত পৰিৱৰ্তন ঘটে সেই কণীত ৷ ইয়াৰ পিছত হেজাৰ হেজাৰ বছৰ ধৰি পৃথিৱীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ স’তে নিজকে ৰজিতা খুৱাবলৈ মূৰ্গীৰ শৰীৰত অনেক পৰিৱৰ্তন ঘটিছে ৷ অৰ্থাৎ কণীৰে অস্তিত্ব আগত আছিল  ৷ মূৰ্গী পাছতহে আহিছে ।

Exit mobile version