হাজোৰ কোঁৱৰপূৰ হত্যাকাণ্ড

1. Murder Main Page Cover

হাজোৰ কোঁৱৰপুৰত দুই ফৈদৰ সংঘাতৰ পৰিণতিত যোৱা ১৩ জুনত ৰিয়াজুল হক আৰু যোৱা ১৭ জুলাইত নিপু আলী নামৰ দুজনকৈ লোক ইতিমধ্যে নৃশংস হত্যাৰ বলি হোৱা ঘটনাক লৈ বুল্লুট-কোঁৱৰপূৰ অঞ্চলত অদ্যাপিও বিৰাজ কৰি আছে এক চেপা উত্তেজনা । তাৰেই পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ এটি সজাতী দলে হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু হাজোৰ ৰাজহ চক্ৰ বিষয়াক সাক্ষাৎ কৰি অঞ্চলটোত শান্তি-শৃখংলা বজাই ৰখাৰ বাবে ফলপ্ৰসূ পদক্ষেপ লবলৈ আহ্বান জনায় ।

লগতে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী সম্বলিত তথা সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ হাজো অঞ্চলিকৰ সভাপতি আমানুৰ ৰহমান আৰু সম্পাদক মখলেচৰ ৰহমান স্বাক্ষৰিত এক স্মাৰক পত্ৰ ক্ৰমে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে কামৰূপ জিলা আৰক্ষী অধীক্ষকলৈ আৰু হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰেৰণ কৰে । সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ হাজো অঞ্চলিকৰ সভাপতি-সম্পাদকৰ নেতৃত্বত যোৱা সজাতী দলটোত ভাগ লৈছিল ক্ৰমে সংগঠনটোৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক জালাল আলি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহিদ চান হক, ৰাইনুৰ আহমেদ, ৰিংকু আলি আৰু মৃদুল হুছেইনে ।

Exit mobile version