হোম কোৱাৰেণ্টাইন উলংঘা

home quarentine 20200319035010

গোলাঘাটত ক’ভিড-১৯ ৰ বিধি-ব্যৱস্থা অনুসৰি হোম কোৱাৰেণ্টাইন উলংঘা কৰি চাকৰিৰ পৰা নিলম্বিত লাট মণ্ডল । গোলাঘাটৰ জিলা দণ্ডাধীশ তথা উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে আজি এক নিৰ্দেশযোগে খুমটাই ৰাজহ চক্ৰৰ লাট মণ্ডল বিশ্বজ্যোতি হাজৰিকাক তৎকালীনভাৱে বলবৎ হোৱাকৈ উক্ত নিৰ্দেশ জাৰি কৰিছে ।উল্লেখ্য যে, দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫ অধীনত ৫১ ( বি)ধাৰা অনুযায়ী লাট মণ্ডলজনক নিলম্বিত কৰা হৈছে বুলি জিলা প্ৰশাসনে এক বিবৃতিযোগে প্ৰকাশ কৰে ।

স্মৰ্তব্য যে, লাট মণ্ডলজনৰ ককায়েক বৰ্হিঃৰাজ্যৰ পৰা অহাৰ পাচত তেওঁৰ লেলাৱতী পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি পৰিয়ালটোৰ সকলোকে হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে৷ কিন্তু লাট মণ্ডৰ বিশ্বজ্যোতি হাজৰিকাই এই বিধি উলংঘা কৰি চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ নিয়মীয়াভাৱে কৰি থকাৰ উপৰিও বানাক্ৰান্ত এলেকাত বান সাহাৰ্য বিতৰণতো জড়িত হৈ পৰে । অৱশেষত স্বাব সংগ্ৰহ কৰা তেওঁৰ ককায়েকৰ দেহত আজি ধৰা পৰে ক’ভিড-১৯ ।

ইয়াক কেন্দ্ৰ কৰি প্ৰশাসন,স্বাস্থ্য বিভাগৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীৰ কাইলৈ লেলাৱতী সংগ্ৰহৰ নিৰ্দেশ দিছে । আটাইতকৈ ভয়ানক দিশ যে, যদিহে লাট মণ্ডল নাইবা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজনৰ দেহতো ক’ভিড-১৯ ধৰা পৰে, তেন্তে লাট মণ্ডল জনে বান সাহাৰ্য বিতৰণ কৰা বানাক্ৰান্ত সকলৰ কি হ’ব? ইয়াকে লৈ চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ।

Exit mobile version