ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে বাজেট কেনেদৰে কৰিব ট্ৰাষ্টে

04a593e6cf86995ffcc701aeab1deb03

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰায় নমাহৰ পিছত পাঁচ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠিত হ’ব ৷ বিগত শনিবাৰে অযোধ্যাত শ্ৰীৰাম জন্মভূমিৰ ট্ৰাষ্ট কৰ্তৃপক্ষৰ এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মন্দিৰৰ উচ্চতা ১২৮ ফুটৰ পৰা ১৬১ ফুটলৈ বৃদ্ধি কৰা হয় । ইয়াৰ উপৰিও ৬৭ একৰ ভূমিৰ পৰা মন্দিৰটো ১২০ একৰ কৰাৰ সিদ্ধান্ত লোৱা হয় । ইফালে মন্দিৰটো নিৰ্মাণ কৰোতে কোটি কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে মন্দিৰৰ এজন পুৰোহিত চন্দ্ৰকান্ত সোমপুৰাই কয় যে বাজেট কিমান হ’ব সেই বিষয়ে কোৱাটো অসম্ভৱ ৷ ট্ৰাষ্টে প্ৰথমতে কৈছিল যে মন্দিৰ নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা অনুদান লোৱা নহ’ব। গতিকে বিশ্বৰ অন্যান্য মন্দিৰসমূহৰ ভিতৰত ৰাম মন্দিৰক অন্যতম কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা ল’ব ট্ৰাষ্টে ?

এই সন্দৰ্ভত ট্ৰাষ্টৰ কোষাধ্যক্ষ স্বামী গোবিন্দ দেব গিৰীয়ে কয় “সংবাদ মাধ্যমত ভূমি পূজন পাঁচ আগষ্টত হ’ব আৰু ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল’ব বুলি বাতৰি প্ৰচাৰ হ’লেও এতিয়াও এই সন্দৰ্ভত কোনো প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা আনুষ্ঠানিকতা ঘোষণা কৰা হোৱা নাই । গতিকে মইয়ো এতিয়া একো নকও ৷ স্বামী গোবিন্দ দেৱৰ মতে “মন্দিৰটো সকলোৰে ৷ কেৱল ট্ৰাষ্টে মন্দিৰটো নিৰ্মাণ কৰিলেই মন্দিৰৰ দায়িত্ব কেৱল ট্ৰাষ্টৰ ওপৰতে নাথাকে। এই মন্দিৰটো সমগ্ৰ দেশৰ ৷ দেশৰ প্ৰত্যেকজন ব্যক্তিৰ অৰিহণা এই মন্দিৰটোত আছে ৷ ইয়াৰ কাৰণ আমি জন অভিযান আৰম্ভ কৰিম ৷ আমি দেশৰ উদ্যোগপতি, মন্ত্ৰী, বিধায়কৰ পৰা সহায় বিচাৰিম ৷ ৰাম মন্দিৰৰ কাৰণে সকলোৰে সহযোগিতাৰ প্ৰয়োজন । বহু ব্যৱসায়ীয়ে এতিয়াৰ পৰা যোগাযোগ কৰিছে ৷ কৰ’না সংকটৰ কাৰণে আমি এতিয়া বহুল প্ৰচাৰ কৰা নাই। এতিয়া আমি সাধাৰণ লোকৰ মাজত প্ৰচাৰ কৰিম ।”

আনহাতে তলাবন্ধৰ সময়তে পাটনাৰ হনুমান মন্দিৰৰ মহাবীৰ ট্ৰাষ্টৰ পৰা ২ কোটি টকাৰ বৰঙনি লাভ কৰিছে বুলি জনাই স্বামী গোবিন্দ দেৱ গিৰীয়ে । লগত ট্ৰাষ্টৰ ওচৰত প্ৰায় ১৪ কোটি টকা দান আছে বুলি জনায় স্বামী গোবিন্দ গিৰীয়ে । উল্লেখযোগ্য যে ভূমি পূজনত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব বুলি কয় স্বামী গোবিন্দ গিৰীয়ে ৷ অনুষ্ঠানত ১০০-১৫০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব । বৃহত্তৰ অঞ্চলত হোৱা ভূমি পূজনত সামাজিক দূৰত্বক বৰ্তাই ৰখা হ’ব ৷

Exit mobile version