চট্টগ্ৰাম বন্দৰেদি উত্তৰ পূবলৈ সামগ্ৰী সৰবৰাহ আৰম্ভ

Assam 1

এতিয়াৰ পৰা সমুদ্ৰ পথৰে দেশৰ পণ্য সামগ্ৰী সৰবৰাহ হ’ব অসমলৈ ৷ কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ পূবৰ একাংশ ৰাজ্যলৈ বিভিন্ন পণ্যসামগ্ৰী সমুদ্ৰ পথেৰে সৰবৰাহ আৰম্ভ কৰিছে । ইয়াৰ বাবে ভাৰত চৰকাৰে ব্যৱহাৰ কৰিছে বাংলাদেশৰ প্ৰধান সমুদ্ৰ বন্দৰ চট্টগ্ৰামক । এই সিদ্ধান্তৰ পৰীক্ষামূলক পদক্ষেপৰূপে কলকাতা বন্দৰৰ পৰা এখন জাহাজ চালানসহ চট্টগ্ৰাম বন্দৰত উপস্থিত হয় । উক্ত বন্দৰত জাহাজৰ পৰা সামগ্ৰী নমাই ৰাজপথেৰে ত্ৰিপুৰাৰ আগৰতলালৈ নিয়া হ’ব ।

ADVERTISEMENT

ইফালে দেশখনৰ জাতীয় ৰাজহ ব’ৰ্ডে যোৱা ১৩ জুলাইত এক নিৰ্দেশনাযোগে ভাৰতীয় পণ্য চালানৰ পৰীক্ষামূলক পণ্য প্ৰেৰণৰ বাবে মাচুল নিৰ্ধাৰণ কৰি দিয়ে  ৷ এই সাত বিধ মাচুল হৈছে প্ৰতি চালানৰ প্ৰচেছিং ফী ৩০ টকা, প্ৰতি টনৰ বাবে জাহাজৰ সামগ্ৰী ফী ৩০ টকা, নিৰাপত্তা মাচুল প্ৰতি টনত এশ টকা, এছকৰ্ট ফী প্ৰতি ৫০ টকা, অন্যান্য প্ৰশাসনিক মাচুল প্ৰতি টনত এশটকা ৷ ইয়াৰ উপৰি স্কেনিং ফী ২৫৪ টকা আৰু বিধি অনুসাৰে বৈদ্যুতিক ছীলৰ মাচুল প্ৰযোজ্য হ’ব । এই নিৰ্ধাৰিত সাতটা মাচুল অনুযায়ী একোটা কন্টেইনাৰৰ পৰা চট্টগ্ৰামৰ শুল্ক বিভাগে লাভ কৰিব মুঠ সাত হেজাৰ ৩৪ টকা ৷

ইয়াৰ বাহিৰে চট্টগ্ৰাম বন্দৰ কৰ্তৃপক্ষই পণ্য উঠোৱা নমোৱাৰ মাচুল, নদী মাচুল আৰু বন্দৰ মাচুল আদায় কৰিব ৷ ঢাকাৰ শুল্ক বিভাগৰ সূত্ৰই জনোৱা মতে “চট্টগ্ৰাম বন্দৰত উপস্থিত হোৱা ভাৰতীয় জাহাজখনত পণ্যৰ চাৰিটা কন্টেইনাৰ আছে ৷ এই সামগ্ৰী আগৰতলালৈ নিয়াৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় পথ ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ পথ গড়কাপ্তানি বিভাগে নিৰ্ধাৰিত টোল আৰু মাচুল আদায় কৰিব ৷ অৱশ্যে পৰীক্ষামূলক চালানৰ বাবে পথ ব্যৱহাৰৰ পথ ব্যৱহাৰৰ টোল আদায় বাহাল ৰাখিলেও অন্যান্য মাচুল ৰেহাই দিছে বাংলাদেশ চৰকাৰে ৷

Exit mobile version