চি বি এছ চিৰ দশম মানৰ ফলাফলত দিল্লীক অতিক্ৰম অসমৰ চৰকাৰী আদৰ্শ বিদ্যালয়ৰ

mairabari

তলাবন্ধৰ মাজতে অসমৰ শিক্ষা বিভাগলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ চৰকাৰী আদৰ্শ বিদ্যালয় সমূহে । সদ্য ঘোষিত চি বি এছ চিৰ দশম মানৰ ফলাফলত প্ৰথম বছৰতে অসমৰ চৰকাৰী আদৰ্শ বিদ্যালয় ( MODEL SCHOOL)ৰ চমকপ্ৰদ ফলাফলে অসমৰ চৰকাৰী বিদ্যালয় সমূহত থকা প্ৰচুৰ সম্ভাৱনাৰ উমান দিলে । অসমৰ ১৪ খন ম’ডেল স্কুলৰ চমকপদ ফলাফলে অতিক্ৰম কৰিলে দিল্লী চৰকাৰী বিদ্যালয়ৰ সমূহৰ শতকৰা হাৰক। প্ৰাপ্ত তথ্য মতে অসমত এনে চৰকাৰী বিদ্যালয় আছে মুঠ ২০ খন । তাৰে ১৪ খন বিদ্যালয় ২০১৪ চনত আৰম্ভ কৰাৰ বিপৰিতে ১ খন বিদ্যালয় ২০১৫ চনত আৰু ৫ খন ২০১৮ চনত আৰম্ভ কৰিছিল অসম চৰকাৰৰ শিক্ষা বিভাগে ।

১৪ খন বিদ্যালয়ে প্ৰথম অৱস্হাত চেবাৰ অধীনতে আছিল যদিও পিছলৈ এই বিদ্যালয়সমূহ চি বি এছ চিৰ অধীনলৈ অনা হয়। এইবাৰ চি বি এছ ইৰ দশম মানৰ পৰীক্ষাত ১৪ খন ম’ডেল স্কুলৰ পৰা অৱতীৰ্ণ হৈছিল মুঠ ৫৫১ জন ছাত্ৰ ছাত্ৰী । তাৰে উত্তীৰ্ণ হৈছে ৫২৮ গৰাকী । চি বি এছ ইত ১৪ খন আদৰ্শ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৯৫.৮৩ শতাংশ । ৫২৮ জন ছাত্ৰ-ছাত্ৰীৰ ৫৯ জনে লাভ কৰিছে ড্ৰিষ্টিংচন আৰু ৭০ জনে লাভ কৰিছে ষ্টাৰ মাৰ্ক । ইয়াৰ বিপৰীতে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৮২.৬১ শতাংশ শতাংশ । উল্লেখ্য যে মৰিগাঁও জিলাৰ একমাত্ৰ আদৰ্শ বিদ্যালয়খন আছে মৈৰাবাৰীত। মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও চি বি এছ ইত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে জিলা খনলৈ সুনাম কঢ়িয়াই আনিছে । মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুটফুৰ ৰহমানে বিদ্যালয় খনৰ সন্দৰ্ভত কয় অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰে চলি আছে মৈৰাবাৰী আদৰ্শ বিদ্যালয় । পিছপৰা অঞ্চলৰ দৰিদ্ৰ লোক সকলৰ মাজত যে মেধাৰ অভাৱ নাই তাকেই প্ৰমাণ কৰিলে মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ ফলাফলে ।

তেওঁ কয় ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে বিশেষকৈ বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী সকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ ফচল এই ফলাফল । উল্লেখ্য যে অসমৰ আদৰ্শ বিদ্যালয় সমূহত বৰ্তমান নাই উপযুক্ত পৰিমাণৰ শিক্ষক। ঠিকা ভিত্তিক শিক্ষকেৰে চলি এই আছে বিদ্যালয় সমূহ। অসমত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সমূহৰ জয়যাত্ৰাৰ সময়ত অসমৰ আদৰ্শ বিদ্যালয় সমূহৰ এনে ফলাফলে অসমৰ চৰকাৰী বিদ্যালয়ত থকা সেউজ সম্ভাৱনাৰ ইংগিত দিছে যদিওঁ এই ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগে আদৰ্শ বিদ্যালয় সমূহত থকা অভাৱ সমূহ দূৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিলে অনাগত দিনত চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰাৰ পথ আদৰ্শ বিদ্যালয় সমূহেই প্ৰশস্থ কৰিব বুলি আশা কৰিব পাৰি।

Exit mobile version