নগাঁৱৰ পৰা বৰাক উপত্যকা লৈ চোৰাং গৰু চালান

IMG 20200721 WA0007

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে আজি সন্ধিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ সৰবৰাহ কৰা চোৰাং গৰু ভৰ্তি দুখন দহ চকীয়া ট্ৰাকসহ ছজন চোৰাং গৰু বেপাৰীক আটক কৰিবলৈ সক্ষম হয় । চামগুৰি আৰক্ষী থানাৰ সন্মুখত তালাচী চলাওতে গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰে । এ এচ ০১ জি চি ০২৩৭ আৰু এ এএ ০১ ডি ডি ০৬৮৫ নম্বৰৰ ট্ৰাক দুখনত চোৰাং গৰু সমূহ বোজা কৰি আনিছিল । ৰূপহী হাট আৰক্ষী থানাৰ অধীনস্থ কাৱৈমাৰী আৰক্ষী চকীৰ অধীনৰ পুঠিখাইটিৰ পৰা গৰু খিনি আনিছিল বুলি ধৃত চোৰাং গৰু বেপাৰী কেইজনে আৰক্ষীক কয় ।

আৰক্ষীয়ে আটক কৰা চোৰাং গৰু বেপাৰী কেইজন হ’ল বৰাক উপত্যকাৰ কাটিগড়া আৰক্ষী থানাৰ জালালপুৰ আহিদ মিঞা(২০), আনচাৰ উদ্দিধ বাৰভূঞা(৩৫), ইমাজ উদ্দিধ বাৰভূঞা(৩২চালক), বৰহোলা থানাৰ অধীনৰ বৰ যাত্ৰাপুৰৰ দিলৱাৰ হুছেইন(২০), চামগুৰিৰ খাটোৱাল আৰক্ষী থানাৰ অধীনৰ গেৰুৱাআটিৰ, আব্দুল আৱাল (৩৫), আতাবুৰ ৰহমান(২০) । চোৰাং গৰু খিনি শিলচৰলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰোতে আৰক্ষীৰ জালত পৰে আজি । এক সূত্ৰৰ মতে, চোৰাং গৰুসমূহ শিলচৰৰ পৰিৱৰ্তে কৰিমগঞ্জৰ পৰা বাংলাদেশলৈ চালান দিয়ে চক্ৰটোৱে । চোৰাং গৰু বেপাৰীৰ দলটোক আৰক্ষীয়ে  চামগুৰি থানাত সোধপোচ কৰি আছে আৰক্ষীয়ে ।

Exit mobile version