নিৰ্দেশনা ধোঁৱাচাঙত তুলি তলাবন্ধৰ পাছত বিশৃংখল গুৱাহাটী

guwahati

কাৰ্যক্ষেত্ৰত বিশেষ ইতিবাচক প্ৰভাৱ নপৰিলেও ২১ দিনীয়া তলাবন্ধৰ পাছত সোমোবাৰে বিভিন্ন নিষেধাজ্ঞাৰ মাজেৰে পুনৰ খুলিল গুৱাহাটী মহানগৰী ৷ কৰ’নাৰ সামাজিক সংক্ৰমণ ৰোধৰ লক্ষ্যৰে বলৱৎ কৰা তলাবন্ধ সত্ত্বেও দৈনিক পাঁচ শতাধিক লোকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰি আহিছে  ৷ অৱশ্যে এনে সংক্ৰমণ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মাজতো ব্যাপক হাৰত অব্যাহত আছে । এনে পৰিস্থিতিৰ মাজতে সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে তলাবন্ধ প্ৰত্যাহাৰৰ যি প্ৰক্ৰিয়া আৰম্ভ হয় তাৰ প্ৰথম দিনাই প্ৰায় সকলো নীতি নিয়ম ধোঁৱাচাঙত উঠে  ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী ব্যৰ্থ হয় ।

আনহাতে একাংশ লোকে সামাজিক দূৰত্ব ভংগৰ প্ৰতিযোগিতাতহে অৱতীৰ্ণ হয় । পথত ব্যক্তিগত যান বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে যদিও সেই নিয়মক অংগুষ্ঠ দেখুৱাই ঘৰুৱা বাহনেৰে ওলাই আহে মহানগৰীৰ অজস্ৰ লোক ৷ ইয়াৰ ফলত জি এছ ৰোড, আৰ পি ৰোড, বামুণীমৈদাম, গণেশগুৰি আদি অঞ্চলত যান জঁটৰ সৃষ্টি হয় ৷ ইপিনে অসম সচিবালয়ৰো কাম কাজ ৩০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে আৰম্ভ হয় । অৱশ্যে অধিকাংশ বিভাগতে সেই সংখ্যাতকৈ কম সংখ্যক কৰ্মচাৰীহে উপস্থিত থাকে ৷ সচিবালয় কৰ্মচাৰী সেৱা সন্থাৰ তথ্য অনুসৰি তলাবন্ধৰ বাবে যিসকল কৰ্মচাৰী অন্য জিলাত থকা নিজৰ ঘৰলৈ গুচি গৈছিল তেওঁলোক বেছিভাগেই আহিব নোৱাৰিলে ৷

বিশেষকৈ ব্যক্তিগত বাহন নথকা কৰ্মচাৰীসকল কৰ্মস্থলীলৈ অহাৰ কোনো সুবিধা নাছিল ৷ ইয়াৰ উপৰি সচিবালয়ৰ কে’বাজনো বিষয়া কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাৰ বাবেও আন বহুতেই অসুৰক্ষিত অনুভৱ কৰি কাৰ্যালয়লৈ নাহিল ৷ ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তে কেব, অ’ট আদিৰ চলাচল আৰম্ভ হয় যদিও প্ৰথম দিনটোত তেনে বাহনত যাত্ৰীৰ আশানুৰূপ ভিৰ নহ’ল ৷

এই সন্দৰ্ভত গণেশগুৰি অ’ট আস্থানৰ চালক গণেশ চালক গণেশ ডেকাই কয় যে অ’টৰ বাহনত যাত্ৰীৰ আগমন হয় যদিও বহুতে শংকাযুক্ত মন লৈহে উঠে ৷ সেই কাৰণে সঘনে অট’ৰে চলাচল কৰা লোকেও অধীনত পাৰ্যমানে সেয়া এৰাই চলে ৷ একেদৰে যাত্ৰীৰ যিমান ভিৰ হ’ব বুলি ভাবিছিল সেয়া নহ’ল বুলি কয় উবেৰৰ অধীনত গাড়ী চলোৱা প্ৰাঞ্জল চৌধুৰীয়ে ৷

Exit mobile version