ফেচবুকত মুখ্যমন্ত্ৰীক সমালোচনা কৰি আটক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ

WhatsApp Image 2020 07 21 at 11.48.09 AM

সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি আৰক্ষীৰ ৰোষত পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ | গুৱাহাটী আৰক্ষী অপৰাধ শাখাৰ গোচৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ডিমৌৰ নিজ গৃহৰ পৰা আটক কৰিছে দ্বীপজ্যোতি গগৈ নামৰ ছাত্ৰজনক |

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ছাত্ৰজনে | শেহতীয়াকৈ ফেচবুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰা এক প’ষ্টৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪১৯ আৰু ৬৬ (এ) ধাৰাত ছাত্ৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল | শিৱসাগৰ আৰক্ষীয়ে ছাত্ৰজনক আটক কৰি গুৱাহাটী আৰক্ষীক গতাই দিছে |

Exit mobile version