গঠন নহ’ল ঘোষিত তিনি স্বায়ত্ত্বশাসিত পৰিষদ

memebrs of all koch rajbongshi students union 86847

কৰ’নাৰ ভয়াৱহতাৰ অজুহাতত এইবাৰ লেহেমীয়া হৈছে ইতিমধ্যে চৰকাৰে ঘোষণা কৰা মৰাণ, মটক আৰু কোচ ৰাজবংশী স্বায়ত্ত্বশাসিত পৰিষদ গঠন প্ৰক্ৰিয়া । ফলত প্ৰস্তাৱিত এই তিনি স্বায়ত্ত্বশাসিত পৰিষদত অন্তভূৰ্ক্ত হ’বলগীয়া গাঁৱসমূহ চূড়ান্ত কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে ৷ মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠী অধ্যুষিত জিলাসমূহৰ উপায়ুক্তসকলে এই সম্পৰ্কত প্ৰয়োজনীয় প্ৰতিবেদন দাখিল নকৰা বাবেই লেহেমীয়া হৈ পৰিছে এই প্ৰক্ৰিয়া ৷

দিছপুৰৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, দীৰ্ঘকাল ধৰি অনুসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰি অহা ৰাজ্যৰ ছয় জনগোষ্ঠীৰ অন্যতম মৰাণ, মটক আৰু কোচ ৰাজবংশীসকলৰ বিকাশৰ স্বাৰ্থত এই তিনিখন স্বায়ত্ত্বশাসিত পৰিষদৰ গঠণ কৰে ৰাজ্য চৰকাৰে ৷ প্ৰচলিত বিধি অনুসৰি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সংশ্লিষ্ট স্বায়ত্ত্বশাসিত পৰিষদৰ গঠনৰ বাবে সুকীয়া আইন প্ৰণয়ন কৰিব লাগিব ৷ তাৰ বাবে এই সম্পৰ্কীয় যাৱতীয় প্ৰক্ৰিয়া আগবঢ়োৱাৰ পাছতো কৰ’নাৰ ভয়াৱহতাৰ বাবে সংশ্লিষ্ট বিধায়ক পাৰিত নোহোৱাকৈ সামৰণি পৰে অসম বিধানসভাৰ শেহতীয়া বাজেট অধিবেশন ৷

তৎস্বত্বেও ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগে কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে অবিভক্ত গোৱালপাৰা জিলাত গঠন হ’বলগীয়া কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত অন্তৰ্ভুক্ত হ’বলগীয়া কোচ ৰাজবংশী অধ্যুষিত গাঁৱৰ তালিকা প্ৰেৰণৰ বাবে গোৱালপাৰা জিলা, দক্ষিণ শালমাৰা মানকাছাৰ জিলা, বঙাইগাঁও জিলা আৰু ধুবুৰী জিলালৈ এক নিৰ্দেশনা প্ৰেৰণ কৰে ৷

Exit mobile version