পুনৰ বাঘজানত অগ্নিকাণ্ড

আজি দুপৰীয়া পুনৰ বাঘজানৰ তৈলখাদত বিষ্ফোৰণ সংঘটিত হৈছে । যাৰ ফলত জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাঘজানক । ইফালে বিষ্ফোৰণৰ ফলত অগ্নিদগ্ধ হৈছে তিনিজনকৈ বিদেশী বিশেষজ্ঞ। আমেৰিকাৰ এন্থনি ষ্টীভেন, ড’গ ডিল্লাছ আৰু ক্ৰেইগ নীল ডাকান নামৰ তিনিজন বিশেষজ্ঞ অগ্নিদগ্ধ হৈছে বাঘজানৰ জুইত ৷ ইতিমধ্যে অগ্নিদগ্ধ হোৱা আটাইকেইজন বিশেষজ্ঞক চিকিৎসাৰ কাৰণে ডিব্ৰুগড়স্থিত আস্থা চিকিৎসালয়লৈ নিয়া হৈছে ।

উল্লেখযোগ্য যে যোৱা ২৭ মে’ৰ পৰাই অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল খাদৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ অবিৰতভাৱে নিৰ্গত হৈ আছিল ৷ ইয়াৰ পিছত ৯ জুনত বাঘজানত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড । যাৰ ফলত দাতিকাষৰীয়া অঞ্চলৰ গাঁৱৰ লোকসকলৰ বাসগৃহ জুইত জাহ গৈছিল ৷

Exit mobile version