বাঘজানৰ তৈল খাদত পুনৰ অঘটন

WhatsApp Image 2020 07 22 at 9.31.11 PM

তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ-৫ নং তৈল খাদত আজি তৃতীয়টো অঘটন সংঘটিত হ’ল ৷ অইল কৰ্তৃপক্ষৰ গাফিলতিত এদিন দুদিন নহয় ৫৬ দিন অতিক্ৰম কৰা বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদৰ ব্ল-আউট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নৌহওঁতেই তৈল খাদটোত আজি পুনৰ তৃতীয়টো অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাই বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক আতংকিত কৰি তুলিছে ৷ যোৱা ২৭ মে’ত তৈল খাদটোত গেছ কূপ বিস্ফোৰণ ঘটি ৯ জুনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ জুই নিৰ্বাপনৰ দায়িত্বত থকা ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি আৰু বড়োদা অইল এণ্ড গেছ কোম্পানীৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে তৈল খাদটোত বি অ’ পি (ব্ল-আউট প্ৰিভেন্টাৰ) সংস্থাপিত কৰি থকা সময়তে আজি দিনৰ ১.১৪ বজাত তৃতীয়টো অগ্নিকাণ্ড সংঘটিত হয় ৷

সংঘটিত অগ্নিকাণ্ডটোত ছিংগাপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰৰ গেছ কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞ এন্টনী ষ্টিডেন ৰেইনল্ড, ডগ ডালাছ আৰু ক্ৰেইগ নেইল ডানকান গুৰুতৰভাৱে আহত হয় ৷ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে জুইৰ মাজত ব্ল-আউট নিয়ন্ত্ৰণৰ কাম চলাই থকা বিশেষজ্ঞ দলটো কৌশলেৰে পলায়ন কৰি আত্মৰক্ষা কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাৰ পিছতে পূৰ্বৰে পৰা সষ্টম হৈ থকা অইলৰ চিকিৎসক দল এটাই ততাতৈয়াকৈ এম্বুলেন্সত সংকটজনক অৱস্থাত বিদেশী বিশেষজ্ঞ তিনিগৰাকীক ডিব্ৰুগড়ৰ আস্থা হস্পিতালতলৈ লৈ যায় ৷ অইল কৰ্তৃপক্ষৰ সূত্ৰ এটাই সদৰী কৰা মতে আহত বিশেষজ্ঞ তিনিগৰাকীয়ে হাত আৰু মুখত আঘাত প্ৰাপ্ত হয় ৷ আস্থা হস্পিতালৰ বিভাগীয় বিশেষজ্ঞ চিকিৎসকে গেছ কূপ নিয়ন্ত্ৰণকাৰী বিদেশী বিশেষজ্ঞ তিনিগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জানিব দিছে ৷

উল্লেখ যে আজি পুৱাৰে পৰা বি জি আৰ-৫ নং তৈল খাদত জুইৰ মাজত বিপদসংকুলভাৱে উৎকট গৰমকো নেওচি ছিংগাপুৰৰ দলটোৰ নেতৃত্বত দাওদাওকৈ জ্বলি থকা তৈল খাদটোত নতুনকৈ বি অ’ পি স্থাপনৰ কাম আৰম্ভ কৰে বিশেষজ্ঞ দলটোৱে ৷ প্ৰত্যেক গৰাকী এক্সপাৰ্টে নিজৰ নিজৰ দায়িত্ব সম্পাদনা কৰি যোৱাৰ সময়তে বি অ’ পিটোত জুইয়ে আগুৰি ধৰে ৷ ভিতৰুৱা তথ্য মতে তৈল খাদটোত জ্বলি থকা জুইকুৰাত উচ্চ চাপত পানী চটিয়াই ওপৰলৈ লৈ যোৱা হয় যদিও আজি বি অ’ পিটো স্থাপন কৰি থকা সময়ত জুইকুৰা ওপৰৰ পৰা মাটি অংশলৈ নামি অহাত অগ্নিকাণ্ডটো সংঘটিত হয় ৷

আজি পুনৰ অগ্নিকাণ্ডৰ লেলিহান শিখাই বি জি আৰ-৫ নং তৈল খাদটো আগুৰি ধৰা পিছতে খাদটোত সকলোধৰণৰ কাম বন্ধ কৰি দিয়ে বিশেষজ্ঞ দলটোৱে ৷ অৱশ্যে কাইলৈ পৰা পুনৰ তৈল খাদটোত ব্ল-আউট নিয়ন্ত্ৰণৰ কাম চলাব বুলি অইল কৰ্তৃপক্ষই সদৰী কৰিছে৷ তৈল খাদটোত সংঘটিত তৃতীয়টো অগ্নিকাণ্ডই বাঘজানবাসীক আজি আতংকিত কৰি তোলা পৰিলক্ষিত হয় ৷ উল্লেখ যে ছিংগাপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰৰ বিশেষজ্ঞ দলটো যোৱা ৮ জুনত বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদত উপস্থিত হৈছিল ৷

Exit mobile version