বিকাশ ডুবেৰ এনকাউণ্টাৰৰ তদন্তৰ কাৰণে তিনিজনীয়া বিশেষ কমিটী গঠন

10 07 2020 vikky d 20494538

উত্তৰ প্ৰদেশত আঠ জন আৰক্ষী হত্যাকাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেৰ এনকাউণ্টাৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন নতুন কমিটী গঠন কৰিছে । বিকাশ ডুবেৰ এনকাউণ্টাৰ সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি দিয়ে লগতে তিনিজনীয়া এখন কমিটী গঠন কৰে ।

এই কমিটীত আছে প্ৰাক্তন ন্যায়াধীশ বী এচ চৌহান, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শশীকান্ত অগ্ৰৱাল আৰু প্ৰাক্তন ডিজিপি কেএল গুপ্তা ৷ উচ্চতম ন্যায়ালয়ে দুমাহৰ ভিতৰত নতুন কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷ আনহাতে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ এচ এ ব’বডেই উত্তৰ প্ৰদেশ আৰক্ষীক কয় যে হত্যাকাৰীসকলক শেষ কৰিবৰ কাৰণে এনকাউণ্টাৰ কৰাৰ পৰা বিৰত থাকিব লাগে ৷

Exit mobile version