চীনক প্ৰত্যাহ্বান জনাই অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সিদ্ধান্ত অনুসৰি আগন্তুক শীতৰ পূৰ্বে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সংলগ্ন সুৰক্ষা ব্যৱস্থা অধিক মজবুত কৰিবলৈ অতিৰিক্ত ৩০ হেজাৰ সেনা নিয়োগ কৰা হ’ব । জুলাইৰ অন্তত কেইখনমান ৰাফেল যুদ্ধ বিমান নিয়োগ কৰা হ’ব লাডাখত। একে সময়তে মালাবাৰ অনুশীলনৰ নৌ বিন্যাস অধিক বৃহৎ ৰূপত বিয়পাই দিয়া হ’ব ভাৰত মহাসাগৰত। এই পৰিকল্পনাৰ মাজতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত দুদিন ধৰি যৌথ নৌ অনুশীলন কৰিলে ভাৰত আৰু আমেৰিকাৰ নৌবাহিনীয়ে ।
নৌ বাহিনীৰ তথ্য অনুসৰি নৌ অনুশীলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ চীন সাগৰৰ পৰা মালাক্কা প্ৰণালী হৈ ভাৰত মহাসাগৰত প্ৰৱেশ কৰে মাৰ্কিন বিমা নবাহিনী যুদ্ধ জাহাজ নিমিটজত থকা এফ-২২, এফ-১৮ যুদ্ধবিমান আৰু আপাচে হেলিকপ্টাৰসহ আৰু দুখন মাৰ্কিন ডেষ্ট্ৰয়াৰে এই অনুশীলনত অংশ লয়। তাৰ পৰা অনুশীলনত অংশ লয় ভাৰতৰ কে’বাখনো যুদ্ধ জাহাজ, কে’বাখনো দৃষ্টিবাহী বিমান, বহুকেইখন হেলিকপ্টাৰ আৰু কমেও পাঁচখন ছাবমেৰিনে। যৌথ অনুশীলন সফল আৰু আকৰ্ষণীয় হৈছে বুলি জনাইছে নৌবাহিনীয়ে। যৌথ অনুশীলনৰ জৰিয়তে চীনক আমেৰিকাই বাৰ্তা প্ৰেৰণ কৰে যে দক্ষিণ চীন সাগৰত আন্তৰ্জাতিক জলসীমাত সংযত হৈ চলিব লাগিব চীনে। ভাৰত মহাসাগৰত চীনৰ যুদ্ধ জাহাজসমূহ কোনো অজুহাতত প্ৰৱেশ কৰিব নোৱাৰিব। চীনে সীমা চেৰালে সংঘাত অনিবাৰ্য হৈ উঠিব ।
ভাৰত-আমেৰিকা যৌথ অনুশীলনৰ পাছৰ পৰ্যায়ৰ মালবাৰ নৌবহৰত ভাৰতৰ উপৰি আমেৰিকা জাপানৰ সমান্তৰালভাৱে অষ্ট্ৰেলিয়াইয়ো অংশ ল’ব বুলি পূৰ্বে জনাইছিল ভাৰত চৰকাৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সকলো সমুদ্ৰত চীনা নৌবহৰক একাষৰীয়া কৰিবলৈ সংঘবদ্ধ হৈছে ভাৰত-আমেৰিকা-অষ্ট্ৰেলিয়া-জাপানৰ নৌবাহিনী। এই চীন বিৰোধী সামৰিক শক্তি চতুঃশক্তি জোঁট বা কোৱাড নামে পৰিচিত। ইপিনে আসন্ন শীতত যাতে চীনা সেনাই এল অ’ চি অতিক্ৰম কৰি লাডাখৰ কতো অনুপ্ৰৱেশৰ চেষ্টা কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ আগন্তুক দুমাহত অতিৰিক্ত ৩০ হেজাৰ সেনা নিয়োগ কৰিব ভাৰতে। সেই উদ্দেশ্যে ইতিমধ্যে সেনা, ৰছদ-অস্ত্ৰ আদি প্ৰেৰণৰ কাম আৰম্ভ হৈছে।






























