ইখনৰ পাছত সিখন নাৰ্ছিংহোম বন্ধ হৈছে যোৰহাটত : হটস্পট হোৱাৰ দিশত যোৰহাট

123597 coronavirus 2

ক’ভিড-১৯ ৰ ভয়ংকৰ গণ সংক্ৰমণৰ ফলত ইখনৰ পাছত সিখন নাৰ্ছিং হোম বন্ধ হৈছে যোৰহাটত। যোৰহাটৰ জেইল ৰোডত থকা কে জি নাৰ্ছিং হোমত আঠ গৰাকীকৈ কৰ্মচাৰীৰ শৰীৰত ক’ভিড-১৯ উপস্থিতি ধৰা পৰাত নাৰ্ছিং হোমখন ১৪ দিনৰ বাবে কনটেইনমেণ্ট জ’ন কৰাৰ পাছত জিলাখনৰ মাজমজিয়াত অৱস্থিত সঞ্জীৱনী নাৰ্ছিং হোমখনত ৰোগীৰ ভৰ্তি আৰু স্বাস্থ্য পৰীক্ষাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ADVERTISEMENT

উল্লেখযোগ্য যে উক্ত নাৰ্ছিংহোমখনৰ আঠ জনকৈ কৰ্মচাৰীৰ লেলাৱতী পজিটিভ ওলাইছে। ইপিনে যোৱা সপ্তাহত তৰাজানৰ এ জি নাৰ্ছিংহোম আৰু মিছন হস্পিটেলত ৰোগীৰ ভৰ্তি আৰু স্বাস্থ্য পৰীক্ষা জিলা প্ৰশাসনে বন্ধ কৰি দিছিল।ইতিমধ্যে এ জি নাৰ্ছিংহোমত অ’ পি দি মুকলি কৰা হৈছে যদিও আন আন বিভাগসমূহ বন্ধ কৰি ৰখা হৈছে। নাৰ্ছিং হোমকেইখনৰ অধিকাংশ চিকিৎসক-নাৰ্চ আৰু কৰ্মচাৰীয়ে কোৱাৰেন্টাইনত থাকিব লগীয়া অৱস্থা হৈছে। এনে পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ চিকিৎসা খণ্ডত ব্যাপক প্ৰভাৱ পৰিছে আৰু সমান্তৰালকৈ সৰ্বসাধাৰণ ৰাইজেও দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

Exit mobile version