কাইলৈ “দিল বেচাৰা”ৰ প্ৰিমিয়াৰ

dil bechara

এসময়ৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড অভিনেত্ৰী অংকিতা লোখণ্ডেই শেহতীয়াকৈ ইনষ্টাগ্ৰামত “Hope prayers and Strength” বুলি প’ষ্ট কৰিছে ৷ দিল বেছাৰা ছবিখনৰ প্ৰিমিয়াৰৰ প্ৰাকমুহূৰ্তত কৰা এই প’ষ্টটোৱে শেহতীয়াকৈ যথেষ্ট চৰ্চা লাভ কৰিছে ৷ অংকিতাই লগতে এডাল মম জ্বলাই সুশান্তক উদ্দেশ্য কৰি লিখিছে যে “তুমি য’তেই আছা হাঁহি থাকা ৷”

আনহাতে সুশান্তৰ মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ দিনা অংকিতাই ইনষ্টাগ্ৰামত লিখিছিল যে “ভগৱানৰ সন্তান”। উল্লেখযোগ্য যে, অংকিতা সুশান্তৰ প্ৰেমৰ সম্পৰ্কত ফাঁট মেলাৰ পিছতো সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা সময়ত অভিনেতাজনৰ ঘৰত উপস্থিত হৈছিল অংকিতা । সেই সময়ত সকলোৱে প্ৰত্যক্ষ কৰিছিল পূৰ্বৰ সকলো অভিমান একাষৰীয়া কৰি আপোনজনক এবাৰ চাবলৈ উপস্থিত হোৱা অংকিতাক ৷

সংবাদ মাধ্যমৰ লোকে অংকিতাক প্ৰশ্ন সুধিছিল যদিও উত্তৰ দিব পৰা অৱস্থাত নাছিল অভিনেত্ৰী গৰাকী ৷থৰক বৰক খোজেৰে সোমাই গৈছিল সুশান্তৰ বাসগৃহলৈ ৷ তাৰ মাজতে সুশান্তৰ মৰমৰ দুচকীয়া বাহন খন দেখি শোকত ভাগি পৰিছিল অংকিতা ৷ হয়তো ভবা নাছিল যে ছবছৰ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ পিছত একেবাৰেই আঁতৰি যাব সুশান্ত ৷ এক সাক্ষাৎকাৰত অংকিতা প্ৰথমবাৰৰ কাৰণে “মণিকৰ্ণিকা”ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছত ভৱিষ্যতৰ কাৰণে শুভেচ্ছা জনাইছিল সুশান্তে ৷ কাৰণ সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছতো ইজনে সিজনৰ খবৰ ৰাখিছিল ৷ অংকিতাই জীৱনত আগবঢ়াৰ সিদ্ধান্ত লৈছিল ৷

আনহাতে সুশান্তৰ ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেমৰ সম্পৰ্কত আছিল  যদিও তেওঁৰ মন মগজুৰ পৰা আঁতৰি যোৱা নাছিল অংকিতা ৷ সুশান্তৰ ষ্টাইলিছ লিপাক্ষীয়ে মন্তব্য কৰিছে ” সুশান্তে প্ৰায়ে মনত পেলাইছিল অংকিতাক ” ৷ লিপাক্ষীৰ ওপৰিও ইতিমধ্যে সুশান্তৰ মনোৰোগ চিকিৎসকেও সুশান্তে অংকিতাৰ লগত সম্পৰ্ক বিচ্ছেদ কৰি অনুতপ্ত হৈছিল বুলি মন্তব্য কৰিছিল ৷

Exit mobile version