- অসমৰ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক ৩৪৬ কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে । আনহাতে ৰাজ্যত বানৰ কবলত পৰা লোকসকলক উদ্ধাৰৰ বাবে ১৬ টা NDRF দলক নিয়োগ কৰাৰ কথাও জানিব দিয়ে।
- ভাৰত চীনৰ পিছত এইবাৰ ক্ৰমাৎ তিক্ত হৈ পৰিছে আমেৰিকা আৰু চীনৰ দ্বি পাক্ষিক সম্পৰ্ক । ইয়াৰ ফলস্বৰূপে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে টেক্সাচৰ হিউষ্টনস্থিত চীনা দূতাৱাস ৭২ ঘন্টাৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ দিছে । এক আনুষ্ঠানিক বিবৃত্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰে ৷
- কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে অহা ৪-৫ দিন ধৰি গুৱাহাটীৰ লগতে উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত বতৰ ডাৱৰীয়া হৈ থাকিব ৷ ইফালে বিগত তিনি চাৰিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নদ-নদী ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে ববলৈ ধৰিছে ৷ গুৱাহাটীত বুধবাৰে ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ৪৯.৬৮ মিটাৰ ওপৰেদি ব’বলৈ আৰম্ভ কৰিছে ।
- ভাৰতত ১০০০ টকাৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া কোভিশ্বিল্ডক প্ৰথম পৰ্যায়ত ভাৰতক ৫০ কোটি পৰিমাণৰ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিব চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই । ইফালে এই ভেকচিনবিধ সফল হ’লে ভাৰতত জাতীয় টিকাকৰণৰ কৰা হ’ব ৷
- কংকনাক নিপ’টিজমৰ ক্ষেত্ৰত সমৰ্থন কৰিছে ভাৰতৰ সফল ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ৷ তিৱাৰীয়ে টুইটাৰ যোগে কয় তেওঁক সমৰ্থন কৰিব নোৱাৰিলে মুখ বন্ধ ৰাখক ৷ উল্লেখযোগ্য যে লবিকেন্দ্ৰিকতাৰ চিকাৰ হৈ জাতীয় ক্ৰিকেট দলৰ পৰা বঞ্চিত হৈ অহা বুলি চৰ্চা লাভ কৰি আহিছে।
- শুক্ৰবাৰে সন্ধিয়া ৭.৩০ বজাত ডিজিটেলী মুক্তি দিয়া হ’ব সুশান্তৰ শেষৰখন ছবি Dil Bechara . ভাৰতৰ লগতে আমেৰিকা, ব্ৰিটেইন, কানাডা দৰ্শকসকলৰ বাবেও ডিজিটেল মাধ্যমত উপলব্ধ হ’ব চিনেমাখন । কোনো ধন নোলোৱাকৈ দৰ্শকৰ বাবে বিনামূলীয়াকৈ এই ছবিখন আগবঢ়াই দিব Dil Bechara.