বঢ়মপুৰৰ শিৱস্থানত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ৰাইজৰ

IMG 20200723 WA0021 1

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ শিৱস্থান গাঁৱৰ মূল পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে ৰাইজে বহু বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত দূৰ্ভোগ ভুগি আহিব লগীয়া হৈছে । যাতায়তৰ বাবে অনুপযোগী হৈ পৰা এই বিধ্বস্ত পথটোৰ পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি সমষ্টিটোৰ কে’বা দশকৰ বিধায়ক আৰু পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক বহু আবেদন নিবেদন জনাই আহিছে যদিও তেওঁলোকে এই ক্ষেত্ৰত আজিকোপতি কাণসাৰ নিদিলে।

বৰ্তমান পথচোৱা বোকা আৰু পানীৰে ভৰি কদৰ্য হৈ পৰাত অঞ্চলটোৰ ৰাইজে পথটোৰে অহা-যোৱা কৰোতে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। বছৰ বছৰ ধৰি স্থানীয় জনপ্ৰতিনিধিসকলে সহজ-সৰল এই গঞা ৰাইজক পথটো উন্নয়নৰ ক্ষেত্ৰত কৰি অহা বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে আজি স্থানীয় ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিল । স্থানীয় বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিনিধিৰ প্ৰতি থকা দীৰ্ঘদিনীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই গাঁৱখনৰ পুৰুষ-মহিলাসকল ওলাই আহি শোচনীয় পথটোত আজি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদস্থলীত ক্ষোভিত ৰাইজে সংবাদ মাধ্যমৰ আগত কয়, “প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে ভোট ভিক্ষা কৰিবলৈ আহি পথটো উন্নয়নৰ ক্ষেত্ৰত অতি শীঘ্ৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰি গাঁওখনৰ ৰাইজৰ ভোট আদায় কৰি লয়।কিন্তু বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ৰাইজক দিয়া সেই প্ৰতিশ্ৰুতি পাহৰি যায় । ফলত বছৰ বছৰ ধৰি এই বাগান এলেকাৰ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে পথটোৰে যাতায়ত কৰোতে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে । ৰোগী সকলকো চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে । তৎসত্বেও পথটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিসকলে নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে । আমাৰ ধৈৰ্য্যৰ বান্ধ খুলি গৈছে ।”

আনকি ক্ষুব্ধ ৰাইজে প্ৰতিবাদস্থলীত বিধায়কজনৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । লগতে আগন্তক নিৰ্বাচনত বাগান এলেকাটোত ভোট বিচাৰি গ’লে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে ।

 

Exit mobile version