কাজিৰঙা বন বিভাগৰ নিৰ্দয়তাৰ ছবি উদঙাই অৱশেষত এটা গঁড়ৰ মৃত্যু

IMG 20200724 WA0031

অৱশেষত আঠদিনৰ জীৱন-মৃত্যুৰ যুঁজখনত পৰাজয় বৰণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গঁড়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সংহাৰী বানৰ কবলত পৰি জীৱশ্ৰেষ্ঠ মানৱৰ কাষ চপা আঘাতপ্ৰাপ্ত গঁড়টোৰ মৃতদেহ আজি দিনৰ এঘাৰ বজাত উদ্ধাৰ হ’ল বানপানীত ওপঙি থকা অৱস্থাত ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ দেওপানী নদীৰ সমীপত দুসুঁতী বন শিবিৰ অঞ্চলত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিলে বনবিভাগৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱা গঁড়টোৰ নিথৰ দেহ ৷ উল্লেখ্য যে ১৭ জুলাইত বানৰ কবলত পৰি জন অৰণ্যলৈ ওলাই আহিছিল গঁড়টো৷ কলিয়াবৰৰ দেওপানীত ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লোৱা এটা চকুত আঘাতপ্ৰাপ্ত গঁড়টোক চিকিৎসাৰ নামত কিছু ভেকোভাওনা কৰিয়েই দ্বায়িত্ব সামৰিছিল কাজিৰঙা বন বিভাগে ৷

স্থানীয় ৰাইজে দাবী জনাইছিল গঁড়টোৰ উন্নত চিকিৎসাৰ ৷ একাংশ বন্যপ্ৰাণী প্ৰেমীয়ে আনকি গঁড়টোক নিজ হাতে ঘাঁহ কাটি আনি দি যোগান ধৰিছিল খাদ্যৰ ৷ কিন্তু ইয়াৰ মাজতে ২০ জুলাইৰ নিশা দেওপানীত ৰাষ্ট্ৰীয় পথৰ দাঁতিত আশ্ৰয় লৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দেওপানীৰ গঁড়টো হঠাৎ নোহোৱা হ’ল ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা । বনৰক্ষীয়ে পহৰা দি থকা অৱস্থাতে নোহোৱা হল গঁড়টো । এটা অসুস্থ গঁড় কেনেকৈ হঠাতে অন্তধ্যান হৈ পৰিল, ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হ’ল প্ৰকৃতি প্ৰেমীৰ মাজত ৷ সেইদিনাই ’দৈনিক অগ্ৰদূত’ত সবিস্তাৰে প্ৰকাশ পালে গঁড়টোৰ অন্তধ্যানৰ সমগ্ৰ বাতৰি ৷ স্থানীয় প্ৰকৃতি প্ৰেমীৰ অভিযোগ অনুসৰি নিজৰ প্ৰকৃত উলঙ্গ স্বৰূপ উদঙালে বন বিভাগে ।

দেওপানী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নিশাৰ আন্ধাৰত অতি সংগোপনে আৰু সন্তপৰ্ণে বনবিভাগে আঁতৰাই লৈ গল গঁড়টো । অনিদ্ৰা আৰু ভোকত ক্ৰমে দুৰ্ব্বল হৈ পৰা গঁড়টোৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছিল । প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত তিলতিল কৈ মৃত্যুৰ মুখলৈ গতি কৰিছিল গঁড়টো। কিন্তু ইয়াৰ পিছতো নীতি-নিয়মৰ গইনা লৈ বনবিভাগে উদ্ধাৰ কৰা নাছিল গঁড়টো । ৰাইজৰ সন্মুখত গঁড়টোৰ মৃত্যু ঘটিলে ৰাজহুৱা ৰোষত পৰাৰ ভয়ত বনবিভাগে নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই নামি পৰিল দুষ্কাৰ্যত । অসম গৌৰৱ এশিঙীয়া গঁড়ক নিশাৰ আন্ধাৰত ৰচীৰে বান্ধি মটৰ লাঞ্চৰে বানপানীৰ মাজেৰেই টানি টানি লৈ গ’ল ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈ থকা স্থানৰ পৰা ।

ইয়াৰ পিছতে গঁড়টোৰ অৱস্থান হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পশ্চিম বান্দৰডুবি বনশিবিৰৰ কাষত । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত উদ্ধাৰ বা পুনঃসংস্থাপন কৰা নহয় বুলি যুক্তি প্ৰদান কৰা বন বিভাগে কি যুক্তিত এটি দুৰ্বল অসুস্থ বন্য প্ৰাণীক বানপানীৰ মাজেৰে টানি লৈ গ’ল এইলৈ সৰ্বত্ৰ প্ৰশ্ন উঠিল বন্যপ্ৰাণী প্ৰেমীৰ মাজত। বনবিভাগৰ এনে নিৰ্লজ্জ কাণ্ডক একমুখে ধিক্কাৰ দিলে সকলোৱে । এটা অসুস্থ বন্যপ্ৰাণীক এনে নিৰ্মম অত্যাচাৰৰ পাছত দুই এদিনতে ৰাষ্ট্ৰীয় উদ্যানত আৰু এটা গঁড়ৰ মৃত্যুমুখত পৰিব বুলিও সকলোৱে সকীয়াই দিলে বনবিভাগক ৷

আৰু ইয়াৰ মাজতে আজি সন্ধিয়া ৬.৫২ বজাত বনবিভাগে প্ৰকাশ কৰিলে দিনৰ এঘাৰ বজাতে গঁড়টোৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি ৷ লগতে প্ৰকাশ কৰিলে বুঢ়া হোৱাৰ বাবেই মৃত্যুক সাৱটি ল’লে গঁড়টোৱে ৷ ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হ’ল যে এক সপ্তাহ পূৰ্বে প্ৰাপ্তবয়স্ক বুলি প্ৰকাশ কৰা গঁড়টো কেনেকৈ এক সপ্তাহৰ পিছতে বৃদ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে? গঁড়টোৰ মৃত্যুক লৈ এতিয়া বিক্ষোভ সৃষ্টি হৈছে বন্যপ্ৰাণীপ্ৰেমীৰ মনত ৷ গঁড়টোৰ মৃৃত্যুৰ লগে লগে প্ৰকাশ পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনবিভাগৰ নিৰ্দয়তাৰ মলিন ছবিখন ৷

Exit mobile version