‘লাঠীৱালী দাদি’ ৰ ষ্টান্টে আকৰ্ষিত কৰিছে বলিউডৰ চেলিব্ৰেটিক

Pune Social Media Star Shantabai Pawar

দুখন হাতত দুডাল বাঁহৰ লাঠী লৈ পুণেৰ ৰাজপথত এগৰাকী বৃদ্ধা । লাঠীদুডাল কৌশলেৰে ঘূৰাইছে বৃদ্ধাগৰাকীয়ে । ৰাজপথেৰে যোৱা সকলোৱে ৰ’ লাগি চাইছে বৃদ্ধা গৰাকীলৈ । দাক্ষিণাত্যৰ কোনো ভিলেইনতকৈ কম নহয় বৃদ্ধা গৰাকীৰ এই ‘লাঠী ষ্টান্ট’। এইদৰে ৰাজপথত ‘লাঠী ষ্টান্ট’ প্ৰদৰ্শন কৰিয়ে মহিলা গৰাকীয়ে জীৱন নিৰ্বাহ কৰি আছে । সম্প্ৰতি ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে এই ভিডিঅ’ । ৮৫ বছৰীয়া এই বৃদ্ধা গৰাকী হৈছে মহাৰাষ্ট্ৰৰ পুণেৰ শান্তাবাই । কিন্তু বৃদ্ধা গৰাকী ‘লাঠীৱালী দাদী’ নামেৰেহে সকলোৰে পৰিচিত ।

‘লাঠী ষ্টান্ট’ৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বৃদ্ধা গৰাকীৰ ঠিকনা বিচাৰি ছ’চিয়েল মিডিয়াত টুইট কৰিলে বলিউডৰ কে’বা গৰাকীও জনপ্ৰিয় অভিনেতাই । অভিনেতা ছনু সুডে এই বৃদ্ধা গৰাকীৰ স’তে মহিলাৰ আত্ম সুৰক্ষাৰ প্ৰশিক্ষণৰ এখন বিদ্যালয় খোলাৰ আগ্ৰহ প্ৰকাশ কৰি বৃদ্ধাৰ ঠিকনা বিচাৰি টুইটাৰত প’ষ্ট কৰিছে । কোনোৱে অভিনেতা গৰাকীৰ টুইটৰ উত্তৰ দি মহিলা গৰাকীৰ ঠিকনা-ফোন নম্বৰ শ্বেয়াৰ কৰে । লগতে লিখে যে মহিলা গৰাকীয়ে বলিউডৰ তিনিখন চলচিত্ৰটো ষ্টান্ট প্ৰদৰ্শন কৰিছিল ।

জনপ্ৰিয় অভিনেতা ৰিতেশ দেশমুখ, দাদি চান্দ্ৰো টুমৰে বৃদ্ধা গৰাকীৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰে । ৮৫বছৰীয়া এইগৰাকী বৃদ্ধা মহিলাৰ ষ্টান্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ছ’চিয়েল মিডিয়াত বিভিন্ন জনে প্ৰশংসাসূচক মন্তব্যৰে বৃদ্ধা গৰাকীক প্ৰশংসিত কৰিছে।

Exit mobile version