অযোধ্যাত যোগী আদিত্য নাথ

adityanath ram idol

উত্তৰ প্ৰদেশৰ অযোধ্যাত হ’ব লগা ৰাম মন্দিৰৰ ভূমি পূজন হ’ব ৫ আগষ্টত। এই অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইফালে ভূমি পূজন হোৱাৰ প্ৰাকমুহূৰ্তত সকলো কাম সমীক্ষা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ উপস্থিত হ’ল অযোধ্যাত ৷ অযোধ্যাত উপস্থিত হৈ যোগী আদিত্য নাথে সন্ত আৰু ৰাম মন্দিৰৰ ট্ৰাষ্টৰ সদস্যসকলৰ লগত বৈঠকত অংশ লয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় “আমি সকলো মিলি ভূমি পূজনত অংশ ল’ম ৷৪ আৰু ৫ আগষ্টৰ নিশা দেশৰ সকলো ঘৰ আৰু মন্দিৰত “দিপোৎসৱ” অনুষ্ঠিত কৰিব ৷ অযোধ্যা আৰু দীপাৱলী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷”

ইপিনে মন্দিৰৰ টাষ্টৰ লগত হোৱা বৈঠকত যোগী আদিত্যনাথে কয় যে আজি সমগ্ৰ বিশ্বই অযোধ্যাৰ ফালে চাই আছে ৷ সকলোৱে এক অনুশাসনৰ মাজৰে সমগ্ৰ বিশ্বত এক নতুন ধাৰা বোৱাই আনিব লাগিব। বিগত ৫০০ বছৰৰ পিছত অযোধ্যাত এনেধৰণৰ এক দিন আহিছে ৷ পাঁচ আগষ্টত সমগ্ৰ বিশ্ব এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰ’ব। সামাজিক দূৰত্ব বৰ্তাই ৰাখি আমি সকলোৱে এনেধৰণৰ এক শুভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব লাগিব।

Exit mobile version