প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৬৭ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ ‘মন কী বাত ‘ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশবাসীৰ ফালৰ পৰা বীৰ জোৱানসকলক জন্ম দিয়া মাতৃসকললৈ ধন্যবাদ জ্ঞাপন কৰে ৷ আজি ‘মন কী বাত’ অনুষ্ঠানত মোদীয়ে কোনো কাৰণ অবিহনে কাৰো লগত শত্ৰুতা নকৰিলৈ আহ্বান কৰে । লগতে মোদীয়ে কয় যে যি পৰিস্থিতিত যুদ্ধ হৈছিল, সেয়া ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে ৷
পাকিস্তানক কটাক্ষ কৰি মোদীয়ে কয় যে ওখ পাহাৰত থকা শত্ৰু পাকিস্তান আৰু তলত আমাৰ ভাৰতীয় সেনা ৷ কিন্তু এই যুদ্ধত জয় ওখ পাহাৰত থকা সেনাৰ নহ’ল ৷ জয়ী হ’ল আমাৰ ভাৰতীয় সেনা ৷ ছ’চিয়েল মিডিয়াৰ প্ৰসংগ উত্থাপন কৰি মোদীয়ে কয় যে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰোতে আমি সকলো সাৱধান হ’ব লাগে ৷ কাৰণ কেতিয়াবা আমি ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰা তথ্যই আমাৰ দেশৰ মনোবল হ্ৰাস কৰে কাৰণ আজিকালি যুদ্ধ কেৱল যুদ্ধক্ষেত্ৰতে নহয় ৷
সম্প্ৰতি সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ প্ৰসংগ উত্থাপন কৰি মোদীয়ে কয় যে কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ অন্যান্য দেশতকৈ কম । গতিকে সামাজিক দূৰত্ব বৰ্তাই, মাস্ক পৰিধান কৰি কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় । মাস্ক পৰিধান কৰিবলৈ অসুবিধা পালেই অনবৰতে পি পি ই কিট পৰিধান কৰা কৰ’না যুদ্ধাৰ কথা মনত পেলাবলৈ আহ্বান কৰে মোদীয়ে ৷ আনহাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ দেশবাসীক আহ্বান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইফালে অহা ১৫ আগষ্টত দেশবাসীয়ে পালন কৰিবলগীয়া স্বাধীনতা দিৱসত সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈও আহ্বান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷